NORTHEAST NOW (Assamese)

পৰিয়ালৰ সৈতে পুনৰ মিলিত হ’ল অৰুণাচলত আৱদ্ধ বিশ্বনাথৰ কিশোৰী

August 25, 2023 10:18 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 25, 2023 10:20 am

এবছৰতকৈ অধিক সময় অৰুণাচল প্ৰদেশৰ জিৰোত আৱদ্ধ হৈ থকা বিশ্বনাথৰ এগৰাকী কিশোৰী অৱশেষত মিলিত হ’ল নিজ পৰিয়ালৰ সৈতে।

নিম্ন সোৱণশিৰি জিলাৰ শিশু কল্যাণ সমিতিৰ সহায়ত কিশোৰীগৰাকীয়ে কালি পিতৃ-মাতৃৰ সৈতে পুনৰ মিলিত হ’বলৈ সক্ষম হয়।

সমিতিৰ অধ্যক্ষ ৰাচো বুদাৰ নেতৃত্বাধীন এটা দলে কিশোৰীগৰাকীক ব্যক্তিগতভাৱে জিৰোৰ পৰা বিশ্বনাথলৈ আনি পিতৃ-মাতৃৰ হাতত গতাই দিয়ে।

উল্লেখ্য যে, কিশোৰীগৰাকী এবছৰতকৈও অধিক সময় জিৰোৰ এটা চাইল্ড কেয়াৰ কেন্দ্ৰত আছিল।

ইফালে শিশু কল্যাণ সমিতিয়ে কিশোৰীগৰাকীৰ বিষয়ে জানিব পৰাৰ পিছতে তেওঁক পৰিয়ালৰ সৈতে পুনৰ মিলিত কৰাৰ বাবে উদ্যোগ লয়।

তেওঁলোকে বিশ্বনাথস্থিত কিশোৰীগৰাকীৰ মাক-দেউতাকৰ সৈতে যোগাযোগ কৰে আৰু জিৰো ভ্ৰমণৰ বাবে সকলো ব্যৱস্থা কৰি দিয়ে।

অৱশেষত শিশু কল্যাণ সমিতিৰ প্ৰচেষ্টাতে এবছৰতকৈও অধিক সময়ৰ পিছত নিজ পৰিয়ালক ঘূৰাই পায় কিশোৰীগৰাকীয়ে।

Related News