NORTHEAST NOW (Assamese)
অসম

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত মাজুলী জিলা বিজেপিৰ সম্পাদক : অৱস্থা সংকটজনক

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ October 5, 2019 6:44 am
20191004_224322 2

মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত শুকুৰবাৰে মাজুলী জিলা বিজেপিৰ সম্পাদক নিতুল নাথৰ ওপৰত কোনো দুৰ্বৃত্তই আক্ৰমণ চলায়।

সন্ধিয়া 8 মান বজাত ঘৰলৈ ওভতাৰ পৰত সংঘটিত হয় এই ঘটনা।

ঘটনা অনুসৰি, নিতুল নাথৰ ৰঙাচাহি গাঁওৰ ঘৰৰ সমীপৰ শিৱ মন্দিৰৰ সন্মুখতে মটৰ চাইকেল ৰখাই নাথে ফোনত কথা পাতি আছিল। এনেতে পাছফালৰ পৰা কোনো দুৰ্বৃত্তই দাৰে নিতুল নাথৰ মূৰত উপৰ্যুপৰি ঘপিয়ায়।

আক্ৰমণৰ সময়তে নাথ পলাবলৈ যত্ন কৰে যদিও দুৰ্বৃত্তই খেদি খেদি নাথক আক্ৰমণ কৰে।

পাছত গাঁৱৰ লোকে নিতুল নাথক পুখুৰীত পৰি থকাৰ পৰা উদ্ধাৰ কৰি গড়মূৰ চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজ হাস্পাতললৈ প্ৰেৰণ কৰে।

নিতুল নাথৰ মূৰত সাতটাকৈ দাৰ ঘাপ পৰিছে। এই ঘটনাই মাজুলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইয়াৰ পূৰ্বেও অচিনাক্ত দুৰ্বৃত্তই নিতুল নাথৰ ওপৰত আক্ৰমণ কৰি তেওঁৰ বাহন ভাঙি পেলাইছিল।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।