NORTHEAST NOW (Assamese)
অসম

বৰপেটাত আজৱ কাণ্ড : আৱৰ্ত ভৱনৰ নিৰ্বাচনৰ প্ৰশিক্ষণস্থলীৰ পৰাই ধন লুট দুৰ্বৃত্তৰ

Posted by: পুলেন্দ্ৰ দাস April 9, 2019 2:59 pm
45e6dafd-f0ad-4ebc-bad8-48f660df867a

বৰপেটাত আজি সংঘটিত হ’ল এক আজৱ কাণ্ড। নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা বৰপেটাৰ আবৰ্ত ভৱনৰ পৰাই আজি দুৰ্বৃত্তই লুটি নিলে নগদ ধন ৷

বৰপেটা আবৰ্ত ভৱনত স্থাপিত ই ভি এম চেলত নিৰ্বাচনৰ প্ৰশিক্ষণ ল’বলৈ আহি প্ৰিজাইডিং অফিচাৰৰ দায়িত্বত থকা এগৰাকী শিক্ষকে নগদ ৫৪ হাজাৰ টকা হেৰুৱাব লগা হ’ল।

জিলা উপায়ুক্তৰ বাসভৱনৰ কাষতে থকা খোদ আৱৰ্ত ভৱনত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত চৰকাৰী কৰ্মচাৰীৰ ধন দুৰ্বৃত্তৰ দ্বাৰা লুট কৰাৰ ঘটনাত হতভম্ব হৈ পৰিছে অইন প্ৰশিক্ষাৰ্থীসকল ৷

জানিব পৰা মতে, তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মইদুল ইছলাম বৰাই বেংকৰ পৰা দৰমহাৰ টকা উলিয়াই অইন নথি পত্ৰৰ লগতে এখন বেগত নগদ ধনখিনি থৈ আৱৰ্ত ভৱনৰ ইভিএম- ভিভিপিএটি চেলত নিৰ্বাচনৰ প্ৰশিক্ষণ লয়৷

প্ৰশিক্ষণ লৈ থকা অৱস্থাতে দুৰ্বৃত্তই বেগখনলৈ উধাও হয় ৷ ভুক্তভোগী বিষয় শিক্ষকগৰাকীয়ে ঘটনা সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷