NORTHEAST NOW (Assamese)

মধ্যপ্ৰদেশত ভয়ংকৰ ঘটনা, সেনা বিষয়াৰ গাড়ী ৰখাই প্ৰেয়সীক দলবদ্ধ ধৰ্ষণ দুষ্কৃতিকাৰীৰ!

September 12, 2024 10:54 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

বুধবাৰে গভীৰ নিশা মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাজ্যখনৰ বাণিজ্যিক চহৰ ইন্দোৰৰ পৰা ৩৫ কিলোমিটাৰ নিলগৰ জামে গেট নামৰ ঠাইত সেনাৰ এখন বাহন ৰখাই কেইবাগৰাকীও মহিলাক দলবদ্ধ ধৰ্ষণ কৰে।

সেই অঞ্চলত এটা বৃহৎ সেনা বেৰেক আছে। গভীৰ নিশা প্ৰেয়সীসকলৰ সৈতে সেনা বিষয়াসকল ওলাই আহিছিল। পাহাৰেৰে আগুৰি থকা জামে গেট এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ বাহন ৰখোৱা হয়।

দুষ্কৃতিকাৰীয়ে দুজন সেনা বিষয়াক মাৰপিট কৰি ধৰাশায়ী কৰাৰ পিছত প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ কৰে। সেনা বিষয়া এজনে কেনেবাকৈ উৰ্ধতন কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিবলৈ সক্ষম হয় আৰু আৰক্ষীয়ে তথ্য লাভ কৰে।

লগতে পঢ়কঃ অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত চুমি বৰা আৰু তাৰ্কিক বৰাৰ ডিব্ৰুগড়ত আত্মসমৰ্পণ

ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি চাৰিখন থানাৰ আৰক্ষীয়ে গভীৰ নিশা বিশাল বনাঞ্চলত তালাচী আৰম্ভ কৰে। আৰক্ষীয়ে দুজন ব্যক্তিক আটক কৰিছে। তেওঁলোকে হাবিত ঘূৰি ফুৰিছিল। আৰক্ষীয়ে জনোৱা মতে, ধৃত লোকসকল স্থানীয় বাসিন্দা নহয়।

দুই যুৱ সেনা বিষয়াই আৰক্ষীক জনোৱা মতে, দুষ্কৃতিকাৰীৰ সংখ্যা ছয়জন। প্ৰথমে তেওঁলোকে ১০ লাখ টকা দাবী কৰিছিল। সেনা বিষয়া দুজনক ধৰাশায়ী কৰাৰ পিছত তেওঁলোকে প্ৰেমিকাসকলক লক্ষ্য কৰি লয়। কিমানগৰাকী মহিলা আছিল সেয়া জনা নাযায়।

লগতে পঢ়কঃ আম্বানীৰ ভান্তাৰালৈ বিতৰ্কিত স্থানান্তৰৰ বাবে সাজু আৰু এটা উত্তৰ-পূবৰ হাতী!

উল্লেখ্য যে বিজেপি শাসিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে যোৱা সপ্তাহত ভূপালত এখন সংবাদমেল আহ্বান কৰি তেওঁৰ কাৰ্যকালত ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি যথেষ্ট উন্নত হোৱা বুলি দাবী কৰিছিল। 

Related News