• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আম্বানীৰ ভান্তাৰালৈ বিতৰ্কিত স্থানান্তৰৰ বাবে সাজু আৰু এটা উত্তৰ-পূবৰ হাতী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2024 8:52 am
এখন পশু এম্বুলেন্সত ত্ৰিপুৰাৰ পৰা ভান্তাৰালৈ লৈ যোৱা হৈছিল এটা হাতী। (প্ৰতিনিধিত্বমূলক ফাইল ছবি)

এখন পশু এম্বুলেন্সত ত্ৰিপুৰাৰ পৰা ভান্তাৰালৈ লৈ যোৱা হৈছিল এটা হাতী। (প্ৰতিনিধিত্বমূলক ফাইল ছবি)

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসে উত্তৰ-পূবৰ পৰা আন এটা হাতী নিবলৈ সাজু হৈছে। এইবাৰ অসমৰ পৰা নিবলৈ সাজু হৈছে হাতীটো। এই নতুন পদক্ষেপত বিতৰ্কৰ সৃষ্টি হৈছে।

সূত্ৰ অনুসৰি বিষ্ণুপ্ৰিয়া নামৰ ১৮ বছৰীয়া মাইকী হাতীটো বৰ্তমান পশ্চিম বংগৰ ইস্কন মায়াপুৰ ধামৰ তত্বাৱধানত আছে আৰু ইয়াক উদ্যোগপতি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ মালিকানাধীন ব্যক্তিগত চিৰিয়াখানা ভান্তৰালৈ স্থানান্তৰ কৰাৰ কথা।

মূলতঃ অসমৰ এই হাতীটোৰ স্বত্বাধিকাৰী তিনিচুকীয়া জিলাৰ কাকপথাৰ নিবাসী মলিন মৰাণে ২০১৫ চনত ইস্কন মায়াপুৰক গতাই দিছিল।

Apply Now

তাৰ পিছত মৰাণে শপতনামাত উল্লেখ কৰিছিল যে তেওঁ অসমত হাতীটো ৰক্ষণাবেক্ষণ দিব পৰা নাই আৰু সেয়েহে, হাতীটোক ইস্কন মায়াপুৰৰ পূৰ্ণকালীন তত্বাৱধানত ন্যস্ত কৰাৰ সিদ্ধান্ত লৈছিল।

লগতে পঢ়কঃ আপোনাৰ সন্তানে জানেনে গুড টাচ বা বেড টাচ কি? জানি লওক তাক শিকোৱাৰ পদ্ধতি

পশ্চিম বংগৰ নাদিয়া জিলাত অৱস্থিত ইস্কন মায়াপুৰ। হাতীটোৰ যত্ন লয় মায়াপুৰ পশু সুৰক্ষা দলে।

মৰাণে হাতীটো ধৰ্মীয় কামত ব্যৱহাৰ কৰাৰ বাবে ইস্কনক গতাই দিছিল আৰু বিষ্ণুপ্ৰিয়াই ধৰ্মীয় শোভাযাত্ৰা আৰু অন্যান্য অনুষ্ঠানত নিয়োজিত হোৱাত তেওঁৰ কোনো আপত্তি নাই বুলি দাবী কৰিছিল।

তেওঁ লগতে উক্ত হাতীটো আন কোনো ব্যক্তিক বিক্ৰী কৰা নাই আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ বিধি উলংঘা কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে।

কিন্তু চলিত বৰ্ষৰ এপ্ৰিল মাহত মায়াপুৰত হাতীটোৰ শান্তিপূৰ্ণ সহাৱস্থান বিঘ্নিত হৈ পৰে কিয়নো দুৰ্ঘটনাক্ৰমে বিষ্ণুপ্ৰিয়াই আন এটা হাতীৰ মাউটক হত্যা কৰিছিল।

সূত্ৰই জনোৱা মতে, মাউটৰ মৃত্যু হোৱা এই দুৰ্ঘটনাৰ পিছতে হাতীটোক ভান্তাৰালৈ বদলি কৰিব বিচাৰি কেৰালা আৰু গুজৰাটলৈ উত্তৰ-পূবৰ হাতীৰ অবৈধ সৰবৰাহত নিয়োজিত এটা ছিণ্ডিকেট সক্ৰিয় হৈ পৰে।

সূত্ৰসমূহে প্ৰকাশ কৰিছে যে ইস্কন মায়াপুৰে বিষ্ণুপ্ৰিয়াক বিদায় দিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ পিছতো পশ্চিম বংগৰ বন বিভাগৰ বিষয়াসকলে ইয়াক ভান্তৰালৈ বদলি কৰাত সক্ৰিয় সমৰ্থন আগবঢ়াই আহিছে।

ইয়াৰ ফলত গোপন হাতী ব্যৱসায়ৰ চক্ৰৰ সৈতে জড়িত সম্পৰ্কৰ সন্দেহৰ সৃষ্টি হৈছে, বদলি ক্ষিপ্ৰ কৰাৰ বাবে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতাৰ নিৰ্দেশত বন বিষয়াসকলে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ আধুনিক মহাভাৰত! পত্নীক বাজীত ৰাখি স্বামীয়ে বন্ধুৰ লগত খেলিলে জুৱা

বিষ্ণুপ্ৰিয়াৰ বদলিৰ প্ৰস্তাৱক লৈ পৰিৱেশ কৰ্মী আৰু পশু কল্যাণ সংস্থাসমূহৰ মাজত যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে।

তদুপৰি, এই বদলিৰ বৈধতাও নিৰীক্ষণৰ আওতালৈ আহিছে। ভাৰতীয় বন্যপ্ৰাণী নিয়ম অনুসৰি ৰাজ্যখনৰ পৰা অহা যিকোনো হাতীক আন এঠাইলৈ বদলি কৰাৰ পূৰ্বে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ অনুমোদন বাধ্যতামূলক। বন বিভাগৰ ভিতৰৰ সূত্ৰই অসম চি ডব্লিউ এল ডব্লিউৱে অনুমোদন দিয়া নাই বুলি দাবী কৰিলেও এই তথ্য নৰ্থইষ্ট নাওয়ে স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব নোৱাৰিলে।

উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া হাই পাৱাৰ কমিটি (এইচপিচি)ক বিপথে পৰিচালিত কৰি হাতীটোৰ বদলিৰ অনুমতি লোৱা বুলি সন্দেহ কৰা হৈছে। ২০২২ চনত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে গঠন কৰা এইচ পি চিক ২০২৩ চনৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশৰ ওপৰত অধিকাৰ প্ৰদান কৰিছিল।

বিষ্ণুপ্ৰিয়াৰ বদলিক লৈ উত্থাপিত উদ্বেগৰ উপৰিও শেহতীয়াকৈ কেৰালা উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বন্দী হাতীৰ কল্যাণৰ বাবে উদ্বেগ প্ৰকাশ কৰি আন ৰাজ্যৰ পৰা কেৰালালৈ হাতী বদলি কৰাত সাময়িক নিষেধাজ্ঞা আৰোপ কৰিছে।

লগতে পঢ়কঃ “গুজৰাটত প্ৰতিদিনে হিংসাত্মক ঘটনা চলাহেতেঁন আপুনি কি কৰিলেহেতেঁন?” অমিত শ্বাহলৈ চিঠি মণিপুৰৰ বিধায়কৰ

বিষ্ণুপ্ৰিয়াক ভান্তাৰালৈ বদলি কৰিলে উত্তৰ-পূবৰ পৰা  ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসলৈ বিতৰ্কিত হাতী বদলিৰ ধাৰাবাহিকতাৰ এইটো শেহতীয়া ঘটনা হ’ব। ২০২১ চনৰ পৰা অৰুণাচলৰ পৰা কমেও ৩৯টা হাতী জামনগৰলৈ লৈ যোৱা হৈছে, কেৱল ২০২২ চনৰ এপ্ৰিল আৰু জুন মাহত ১৭টা হাতী স্থানান্তৰ কৰা হৈছে। ত্ৰিপুৰাইও জামনগৰলৈ ২৩টা হাতী প্ৰেৰণ কৰিছে, শেহতীয়াকৈ ১২টা হাতী বদলি হোৱাৰ সময়ত পৰিবহণ পদ্ধতিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd