NORTHEAST NOW (Assamese)

ধুবুৰীত আৰক্ষীৰ জিম্মাত থকা জব্দকৃত বাহন জ্বলাই দিলে অচিনাক্ত দুৰ্বৃত্তই

December 20, 2021 7:47 am · মুকেশ কুমাৰ সিং, ধুবুৰী
ধুবুৰীত দুৰ্বৃত্তই জ্বলাই দিয়া আৰক্ষীৰ জিম্মাত থকা বাহনখন। ফটো: নৰ্থইষ্ট নাও।

ধুবুৰীত দেওবাৰে আৰক্ষীৰ জিম্মাত থকা এখন জব্দকৃত বাহন একাংশ অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে যোৱা ১৭ ডিচেম্বৰত ভাৰত-বাংলাদেশ সীমান্তৰ দিশে দুটা গৰু কঢ়িয়াই নিয়া এখন বাহন জব্দ কৰা হৈছিল।

অৱশ্যে বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা কোনোমতে পলাই সাৰিবলৈ সক্ষম হয়।

সেইদৰে, আৰক্ষীয়ে পৰিত্যক্ত বাহনখন জব্দ কৰিছিল আৰু সেইখন আনি শ’লমাৰী তহলদাৰী আৰক্ষী চকীত ৰাখিছিল।

কিন্তু দেওবাৰে পুৱতি নিশা প্ৰায় ২বাজি ৩০ মিনিটত বাইকত অহা একাংশ দুৰ্বৃত্তই শ্ল’গান দিয়ে আৰু বাহনখন জ্বলাই দি অন্ধকাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Also Read: মাকুমকিল্লাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ, বাসগৃহ লণ্ডভণ্ড; বগাহাতীত পৰিণত বিয়াগোম বনবিভাগ

ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে ঘটনাটো নিশ্চিত কৰিছে আৰু দুৰ্বৃত্তকেইজনক চিনাক্ত কৰিব পৰা নাই বুলি জানিবলৈ দিছে।

আনহাতে, ঘটনা সন্দৰ্ভত আইনী কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ঘটনাত জড়িত অপৰাধীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে এক অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে অভিজিৎ গৌৰৱে। 

Related News