NORTHEAST NOW (Assamese)

দুবছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হ’ল দুই দেশৰ দুই সমকামী বিশ্ব সুন্দৰীয়ে

November 3, 2022 10:57 am · এন ই নাও নিউজ,গুৱাহাটী

প্ৰেম হেনো যুগমীয়া। এই প্ৰেমকেই অৱশেষত বিয়াৰ ৰূপ দিলে দুগৰাকী সমকামী বিশ্ব সুন্দৰীয়ে।মিছ আৰ্জেণ্টিনা আৰু মিছ পুয়েৰ্টো ৰিকোই ইণ্টাৰনেটত তেওঁলোকৰ বিয়াৰ কথা ঘোষণা কৰিছে।

এখন সৌন্দৰ্য প্ৰতিযোগিতাত তেওঁলোকে দুয়ো দুয়োকে লগ পাইছিল । তাৰ পিছতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈছিল।অৱশেষত তেওঁলোকে বিয়া পতাৰ সিদ্ধান্ত লয়।

মাৰিয়ানা ভাৰেলাই ২০২০ চনত মিছ আৰ্জেণ্টিনা খিতাপ জিকিছিল। ফাবিওলা ভেলেণ্টিন সেই বছৰেই মিছ পুয়েৰ্টো ৰিকো হৈছিল। তেওঁলোকে ৩১ অক্টোবৰ, সোমবাৰে তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰিছিল।

মাৰিয়ানা আৰু ফাবিওলাৰ বিয়াকলৈ এতিয়া বহুতৰে মাজত আলোচনা হৈছে।

Related News