NORTHEAST NOW (Assamese)
অসম

ভাৰোত্তোলন জগতত চাঞ্চল্য : মিজোৰামৰ জেৰেমি লালৰিনুংগাই গঢ়িলে যুৱ বিশ্ব ৰেকৰ্ড

Posted by: এন ই নাও নিউজ April 22, 2019 7:09 pm
Jeremy_hero_

এটাৰ পাছত আন এটা ৰেকৰ্ডৰে ভাৰোত্তোলন জগতত চাঞ্চল্য অব্যাহত ৰাখিছে যুৱ অলিম্পিকত স্বৰ্ণ পদকেৰে ইতিহাস গঢ়া মিজোৰামৰ ১৬ বছৰীয়া ভাৰোত্তোলক জেৰেমি লালৰিনুংগাই। ১৫টা ৰেকৰ্ডৰ অধিকাৰী জেৰেমিয়ে এইবাৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে চীন দেশত গঢ়িলে ৰেকৰ্ড।

দেশখনৰ নিংব’ত চলি থকা এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত দেওবাৰে পুৰুষৰ ৬৭ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰি জেৰেমিয়ে যুৱ বিশ্ব আৰু এছিয়ান ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হয়।

বি গ্ৰুপত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জেৰেমিয়ে তিনিটা প্ৰচেষ্টাৰ অন্তত স্নেটচত ১৩৪ কিলোগ্ৰাম ওজন দাঙি যুৱ বিশ্ব ৰেকৰ্ড গঢ়ে। ইয়াৰ পূৰ্বেও তেওঁৰ নামতেই আছিল এই ৰেকৰ্ড। চলিত বছৰৰ আৰম্ভণিতে তেওঁ ১৩১ কেজি ওজন দাঙি উক্ত ৰেকৰ্ড গঢ়িছিল।

আনহাতে ক্লিন এণ্ড জাৰ্ক শাখাত দুবাৰৰ প্ৰচেষ্টাৰ অন্তত ১৬৩ কিলোগ্ৰাম ওজন দাঙি পূৰ্বৰ ৰেকৰ্ড (১৬১ কিলোগ্ৰাম) ভংগ কৰাৰ লগতে প্ৰতিযোগিতাখনত পদকৰ দাবীদাৰ হৈ পৰে জেৰেমি। আগতে এই ৰেকৰ্ডৰ অধিকাৰী আছিল কাজাখাস্তানৰ চাইখন টাইছুয়েভ।

সামগ্ৰিকভাৱে ২৯৭ কিলোগ্ৰাম ওজন দাঙি গ্ৰুপত দ্বিতীয় স্থানত থকা জেৰেমিৰ সামগ্ৰিক স্থান ৬ গ্ৰুপৰ খেল সামৰণিৰ পাছতহে জানিব পৰা যাব।