NORTHEAST NOW (Assamese)

মিজোৰামৰ মহিলা হকী ষ্টাৰ লালৰেমছিয়ামিক বীৰোচিত আদৰণিৰ আয়োজন

September 19, 2018 5:30 pm · ছাংজুৱালা মাৰ
Updated: September 19, 2018 5:34 pm

মিজোৰাম হকী এছোচিয়েশ্যনে প্ৰকাশ কৰিছে যে এছিয়ান গেমছৰ মহিলা হকীৰ শাখাত ৰূপৰ পদক বিজয়িনী লালৰেমছিয়ানিত বীৰোচিত আদৰণি জনোৱা হ’ব আৰু স্বগৃহলৈ উভতি অহা ক্ৰীড়াবিদকৰাকীক আদৰণি জনোৱাৰ বাবে বিৰাট আয়োজন কৰা হ’ব। তেওঁৰ প্ৰতি সন্মানৰ চিন স্বৰূপে খেলুৱৈগৰাকীৰ জন্মস্থান কোলাছিব চহৰত লালৰেমছিয়ামি হকী ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।

ইণ্ডোনেছিয়াত ৰূপৰ পদক লাভ কৰাৰ পাছত লালৰেমছিয়ামিয়ে ৰাষ্ট্ৰীয় হকী শিবিৰত যোগ দিয়ে আৰু ফলত তেওঁ গৃহভূমিলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ আহৰি পোৱা নাছিল। ভাৰতীয় কনিষ্ঠ মহিলাৰ হকী দলটোৱে আৰ্জেণ্টিনাত অনুষ্ঠিত হ’বলগীয়া য়ুথ অলিম্পিকত অংশগ্ৰহণ কৰিব।

কোকলাছিব লালফামকিমা চহৰৰ এগৰাকী দাতাই হকী ষ্টেডিয়াম নিৰ্মাণৰ বাবে ভূমি দান কৰিছে। লালৰেমছিয়ামিকক দাতা আৰু শুভাশীস জনাবলৈ লোকে লোকাৰণ্য হৈ পৰিছে।

মিজোৰাম ৰাজ্য চৰকাৰে ব্যক্ত কৰিছে যে এছিয়াঐন গেমছত সোণৰ পদক লাভ কৰা লালৰেমছিয়ানাক চৰকাৰৰ তৰফৰ পৰা ১০ লাখ টকা প্ৰদান কৰা হ’ব। এনইচিয়েও ষ্ট্ৰাইকাৰগৰাকীক ৫লাখ টকা প্ৰদান কৰিছে।

যি সময়ত ভিন্ন ৰাজ্যৰ তেওঁৰ সহ খেলুৱৈসকলক বিশাল পৰিমাণৰ ধন দিয়া হৈছে, মিজোৰামৰ দৰে এখন ক্ষুদ্ৰ ৰাজ্যই তেওঁক অতি কম ধন প্ৰদান কৰাৰ সন্দৰ্ভত ক্ৰীড়াবিদগৰাকীয়ে বিনম্ৰতাপূৰ্বক কৈছে, ‘‘মই কনিষ্ঠ শিবিৰৰ এগৰাকী শিকাৰুহে।মই আনকি পেচাদাৰী ক্লাবতো খেলা নাই। বৰ্তমান সময়ত টকাই সৰ্বস্ব নহয়।’’

Related News