NORTHEAST NOW (Assamese)
অসম

বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিধায়ক অখিল গগৈক সদনৰ পৰা বহিস্কাৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 14, 2022 11:23 am

বাজেট অধিবেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ কৰা হ’ল বিধায়ক অখিল গগৈক।

ৰাজ্যপালে ভাষণ দি থকা অৱস্থাত ১ লাখ চাকৰি কেতিয়া দিব বুলি প্ৰশ্ন কৰিছিল বিধায়কজনে।

আনকি হাতত প্লে’ কাৰ্ড লৈ প্ৰতিবাদো কৰা দেখিবলৈ পোৱা গ’ল শিৱসাগৰৰ বিধায়কজনক।

বিধানসভাৰ অধ্যক্ষই বাৰম্বাৰ ৰাজ্যপালৰ ভাষণৰ পাছত তেওঁৰ ভাষণ ৰাখিবলৈ অনুৰোধ কৰিছিল যদিও ক্ষান্ত হোৱা নাছিল বিধায়কগৰাকী।

লগে লগে অধ্যক্ষই বিধানসভাৰ সদনৰ পৰা অখিল গগৈক বহিস্কাৰ কৰে ।

বাহিৰলৈ ওলাই আহি অখিল গগৈয়ে ৰাজ্যপালে মিছা কথাৰে তেওঁৰ ভাষণ প্ৰদান কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

উল্লেখ্য আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। ১ এপ্ৰিললৈকে চলিব এই বাজেট অধিৱেশন।