NORTHEAST NOW (Assamese)

বিপিএফৰ পৰা পদত্যাগ বিধায়ক ইমানুৱেল মুছাহাৰীৰ; বিজেপিত যোগদানৰ সম্ভাৱনা

June 8, 2020 7:33 am · এন ই নাও নিউজ
তামুলপুৰৰ এখন জনসভাত বিধায়ক ইমানুৱেল মুছাহাৰী। ফাইল ফটো: নৰ্থইষ্ট নাও

বিপিএফৰ সাধাৰণ সম্পাদক তথা তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে দলটোৰ পৰা পদত্যাগ কৰিছে।

বিটিচিত বিপিএফ দলৰ বাবে এয়া এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।

বিটিচি নিৰ্বাচনৰ পূৰ্বে ইমানুৱেল মুছাহাৰীৰ পদত্যাগৰ ফলত বিপিএফৰ সংকট বৃদ্ধি পোৱা বুলিও চৰ্চা আৰম্ভ হৈছে।

মুছাহাৰীয়ে আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দিয়া নাই যদিও তেওঁ দলত নথকাৰ কথা স্পষ্ট কৰিছে।

বিধায়ক ইমানুৱেল মুছাহাৰীৰ লগতে তেওঁৰ একাংশ অনুগামীয়েও বিপিএফ ত্যাগ কৰিছে।

ইমানুৱেল মুছাহাৰী একেৰাহে দুবাৰকৈ তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে।

জানিব পৰা মতে, বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দলৰ পৰা ওলাই যোৱা নেতা চণ্ডী বসুমতাৰী, হিতেশ বসুমতাৰী তথা ৰবীনমালা বিশ্বাসকে ধৰি বহু নেতাক পুনৰ দললৈ ঘুৰাই অনাত মুছাহাৰী অসন্তুষ্ট হৈ পৰিছে।

উল্লেখ্য যে এই নেতাসকলে পূৰ্বতে হাগ্ৰামা মহিলাৰীক সমালোচনা কৰিয়েই বিপিএফৰ পৰা পদত্যাগ কৰিছিল।

সেইদৰে, বিপিএফৰ এগৰাকী মন্ত্ৰীয়ে তামুলপুৰত অবাঞ্চিতভাৱে হস্তক্ষেপ কৰি অহাত খৰ্গহস্ত হৈ পৰে ইমানুৱেল মুছাহাৰী।

এনেবোৰ কাৰণতে নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি মুছাহাৰীয়ে বিপিএফৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে।

আনহাতে, বিপিএফৰ বিধায়কগৰাকীয়ে শীঘ্ৰেই বিজেপিত যোগদানৰ সম্ভাৱনা ব্যক্ত কৰিছে বিজেপিৰ এক সূত্ৰই।

Related News