লাদাখত চীনা আগ্ৰাসনৰ কথা স্বীকাৰ কৰিলে মোদী চৰকাৰে
লাদাখৰ কিছু অংশক নতুনকৈ ‘চীনা ভূখণ্ড’ বুলি কৰা দাবী সম্পৰ্কে জ্ঞাত মোদীৰ চৰকাৰ। লোকসভাত এই কথা সদৰী কৰিলে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে।
বিদেশ মন্ত্ৰালয়ৰ সূত্ৰৰ অনুসৰি চীনৰ চৰকাৰী সংবাদমাধ্যমত প্ৰকাশ পাইছিল যে উত্তৰ-পশ্চিম চীনত দুখন নতুন কাউন্টি গঠন কৰা হৈছে— হেয়ান আৰু হেকাং। শ্বিনজিয়াং প্ৰদেশৰ উইঘুৰ স্বায়ত্তশাসিত অঞ্চলৰ প্ৰশাসনে এই দুটা নতুন কাউন্টি গঠনৰ কথা ঘোষণা কৰিছিল।
চীনা কমিউনিষ্ট পাৰ্টি আৰু ষ্টেট কাউন্সিলেও এই নতুন কাউন্টিৰ অনুমোদন দিছে বুলি চীনৰ চৰকাৰী সংবাদমাধ্যমে দাবী কৰিছিল। আৰু এই দুটা কাউন্টি হোতান চহৰৰ পৰা পৰিচালনা কৰা হ’ব বুলি সদৰী কৰিছিল। দক্ষিণ ব্লকৰ এক সূত্ৰৰ মতে, চীনে দাবী কৰা এই দুটা কাউন্টিৰ ভিতৰত লাদাখৰ কিছু অংশও পৰিছে।
চীনৰ নতুন মানচিত্ৰৰ কথা জানিব পাৰি নতুন দিল্লীয়ে বেইজিঙলৈ কূটনৈতিক বাৰ্তা প্ৰেৰণ কৰি চীনৰ এই কাৰ্যৰ বিৰোধিতা কৰিছে। লোকসভাত বিদেশ মন্ত্ৰীয়ে কয় যে ইতিমধ্যে চীন চৰকাৰৰ ওচৰত কূটনৈতিক স্তৰত এই কাৰ্যৰ বিৰোধিতা কৰা হৈছে।
উল্লেখ্য যে চীনা সৈন্যৰ বিৰুদ্ধে ২০২০ চনৰ এপ্ৰিলৰ পৰাই পূৰ্ব লাদাখৰ বিভিন্ন অঞ্চলত এলঅ’এচি অতিক্ৰম কৰি অনুপ্ৰৱেশৰ অভিযোগ উঠিছিল । উত্তেজনাৰ মাজত ২০২০ চনৰ ১৫ জুনত গালৱানত চীনা আক্ৰমণত ২০ জন ভাৰতীয় সৈনিক নিহত হৈছিল।
কূটনৈতিক আৰু সামৰিক স্তৰত দীঘলীয়া আলোচনাৰ পিছত বিগত বছৰৰ ২১ অক্টোবৰত পূৰ্ব লাদাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহলদাৰিৰ বিষয়ত দুয়োখন দেশৰ মাজত একমত হৈছিল বুলি দক্ষিণ ব্লকে দাবী কৰিছিল।
২৫ অক্টোবৰৰ পৰা পূৰ্ব লাদাখৰ এলঅ’এচিৰ বিভিন্ন স্থানত ‘মুখামুখি অৱস্থানৰ পৰা সৈন্য প্ৰত্যাহাৰ’ আৰু ‘সৈন্যৰ সংখ্যা হ্ৰাস’ৰ কৰা হৈছিল। নৱেম্বৰত সেয়া সম্পূৰ্ণ হৈছিল বুলি দুয়োপক্ষই জনাইছিল। কিন্তু তাৰ দুমাহ পিছতে নতুন চীনা কাউন্টি গঠনৰ ঘোষণাৰ ফলত এলঅ’এচিত পুনৰ পৰিস্থিতি গম্ভীৰ হৈ পৰিছে।