NORTHEAST NOW (Assamese)

আৰু কি বাকী থাকিব? ৰেচনতো মোডীৰ ফটো থকা বেগ দিব কেন্দ্ৰই! খৰচ হ’ব ৩০০ কোটি টকা

January 18, 2024 11:12 am · এন ই নাও নিউজ, গুৱাহাটী

ইতিমধ্যে খাদ্য মন্ত্ৰালয়ে দেশৰ সকলো ৰেচনৰ দোকানত মেট্ৰ’ ষ্টেচনৰ ষ্টাইলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ থ্ৰীডি কাটাউট স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। ‘কোনে বিনামূলীয়া ৰেচন দিছে? নৰেন্দ্ৰ মোডী।’ খাদ্য মন্ত্ৰালয়েও সমগ্ৰ দেশৰ ৰেচনৰ দোকানত এনে হাৰ্ডিং প্ৰস্তুত কৰা বাবে ২২ কোটি টকা খৰচ হ’ব বুলি অনুমান কৰিছে। এই কথা পোহৰলৈ অহাৰ পিছতেই আৰম্ভ হয় বিতৰ্ক।

এইবাৰ কেন্দ্ৰই গ্ৰাহকক ৰেচন খাদ্য সামগ্ৰী সংগ্ৰহ কৰিবলৈ বিশেষ প্লাষ্টিকৰ বেগ প্ৰদান কৰিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বেগ বিতৰণ কৰা হ’ব। জনা গৈছে যে প্ৰতিটো বেগৰ ক্ষমতা ১০ কিলোগ্ৰাম হ’ব। বেগবোৰত থাকিব পি এম মোডীৰ ছবি। আনকি কেন্দ্ৰৰ বিভিন্ন প্ৰকল্পৰ সবিশেষো বেগত লিখা থাকিব।

লগতে পঢ়কঃ ৰাজহুৱা স্থানত কাৰোবাক ‘পাগল’ বুলি কোৱাটো কোনো অপৰাধ নহয়: এলাহাবাদ উচ্চ ন্যায়ালয়

সূত্ৰ অনুসৰি, খাদ্য মন্ত্ৰালয়ে ইয়াৰ বাবে প্ৰায় ৩০০ কোটি টকা আবণ্টন দিছে। কেন্দ্ৰই লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত ২০.০৩ কোটি জনসাধাৰণলৈ এই বেগসমূহ যোগান ধৰিব বিচাৰিছে।

উল্লেখ্য যে ইতিমধ্যে বিভিন্ন মাধ্য়মত সকলোতে মোডীৰ আত্মপ্ৰচাৰক লৈ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। শেহতীয়াকৈ হোৱা চৰ্চাত কোৱা হৈছে যে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য আকাশলংঘী বৃদ্ধি পোৱাত মানুহ হতাশ হৈ পৰিছে। সেই দিশত কেন্দ্ৰৰ কোনো লক্ষ্য নাই। ইয়াৰ বিপৰীতে বিজেপিয়ে কেৱল মানুহৰ কৰৰ টকাৰে সকলো কেবল গেৰুৱাকৰণ কৰি তোলাত ব্যস্ত!

লগতে পঢ়কঃ বাহ আফগানিস্তান! চিন্নাস্বামীত সৰ্বকালৰ শ্ৰেষ্ঠ টী-২০! দুটা ছুপাৰ অভাৰৰ অন্তত বিজয় ভাৰতৰ

বাতৰি অনুসৰি, শেহতীয়াকৈ খাদ্য মন্ত্ৰালয়ৰ বিষয়াসকলে নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ ফটো থকা এই বেগ ক্ষীপ্ৰতাৰে বিতৰণ কৰাৰ আলোচনাৰ বাবে এখন বৈঠকত বহিছিল। ১১ জানুৱাৰীত খাদ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব অনিতা কৰণে ভাৰতীয় খাদ্য নিগমৰ অধ্যক্ষ অশোক কে কে মীনাকো এখন পত্ৰ প্ৰদান কৰিছে।

জানিব পৰা মতে, মুঠ ২০ কোটি ৩ লাখ ৪৯ হাজাৰ ৪৬৯ বেগ বনোৱাৰ কথা চিঠিখনত এফ চি আইক অৱগত কৰা হৈছে। ইয়াৰ বাবে বিত্ত মন্ত্ৰালয়ে ২৯৫ কোটি ৫১ লাখ ৫৪ হাজাৰ ৬৬৮ টকা আবণ্টনৰ বিষয়ে অৱগত কৰিছে। এতিয়াৰে পৰা বছৰত দুবাৰকৈ এই বেগসমূহ গ্ৰাহকক বিতৰণ কৰিব কেন্দ্ৰই। প্ৰতিটো বেগৰ বাবদ খৰচ কৰা হ’ব ১৪ টকা ৭৫ পইচা।

Related News