• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাহ আফগানিস্তান! চিন্নাস্বামীত সৰ্বকালৰ শ্ৰেষ্ঠ টী-২০! দুটা ছুপাৰ অভাৰৰ অন্তত বিজয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2024 8:10 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন নিয়মৰক্ষাৰ মেচ। কিন্তু সেই খেলখনতো শেষ মুহূৰ্তলৈকে চলি থাকিল শিহৰণকাৰী যুঁজ। বাৰে বাৰে মেচৰ ৰং সলনি হৈ গ’ল। বেট আৰু বলৰ যুদ্ধই ছুপাৰ অভাৰ পোৱালেগৈ। দ্ৰুত ৰান সংগ্ৰহ কৰাৰ বাবে খেলপথাৰ এৰি ওলাই আহিল অধিনায়ক। তেওঁ নিজৰ যুৱ সতীৰ্থৰ ওপৰত ভৰসা ৰাখিলে।

কিন্তু এটা ছুপাৰ অভাৰতো মেচৰ নিষ্পত্তি নহ’ল। মুঠতে ক্ৰীড়াপ্ৰেমীসকলে সম্পূৰ্ণ ক্ৰিকেট উপভোগ কৰিলে। ভাৰতৰ মুখত শেষ হাঁহি বিৰিঙিল চিন্নাস্বামী ষ্টেডিয়ামত। কিন্তু দিনটোৰ শেষত জয়ী হ’ল ক্ৰিকেটেই। বিশ্বকাপৰ পূর্বে টী-২০ ছিৰিজত দলটোৰ প্রদর্শনে ভাৰতীয় ক্ৰিকেট অনুৰাগীক নিশ্চয় আশ্বস্ত কৰিব৷

ফটো সৌজন্যঃ বিচিচিআই।

আফগানিস্তানৰ বিৰুদ্ধে খেলখনৰ আৰম্ভণিতে বেটিং দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয় ভাৰত। মাত্ৰ ২২ ৰানত চাৰিটা উইকেট হেৰুৱাই ভাৰতীয় ইনিংছ শলঠেকত পৰে। তাৰ পৰাই ভাৰতীয় অধিনায়কগৰাকীৰ ৰিংকু সিঙক লগত লৈ প্ৰত্যাৱৰ্তনৰ সংগ্ৰাম আৰম্ভ হ’ল।

Apply Now

ৰোহিতে মন্থৰ আৰম্ভণি কৰিছিল যদিও অৱশেষত ৬৯টা বলত ১২১ ৰান সংগ্ৰহ কৰে। টী-২০ আন্তঃৰাষ্ট্ৰীয় মেচত পাঁচটা শতক অৰ্জন কৰা একমাত্ৰ বেটছমেন হৈ পৰিল হিটমেন। ৰিংকুৱেও অধিনায়কৰ সৈতে ১৯০ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলি এক নজিৰ সৃষ্টি কৰিলে। শেষত ভাৰতে ২১২ ৰানত ৰৈ যায়।

ফটো সৌজন্যঃ বিচিচিআই।

ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানে বিশাল ৰানৰ লক্ষ্য খেদিবলৈ আৰম্ভ কৰে। দুয়োজনে অৰ্দ্ধশতৰাণ কৰে। অৱশ্যে ১৩ অভাৰৰ অন্তত পুনৰ খেলখনলৈ উভতি আহে ভাৰত। একেৰাহে কেইবাটাও উইকেট হেৰুৱাই আফগান ব্ৰিগেড চাপত পৰে।

কিন্তু গুলবাদিন নাইবে শীতল মস্তিস্কৰে শেষ বলটোলৈকে যুঁজ দি থাকিল। মহম্মদ নবীয়েও যোগ্য সংগ দিয়ে। নিৰ্ধাৰিত ২০ অভাৰৰ শেষত আফগানিস্তানেও ২১২ ৰানত ৰৈ যায়। মেচখন ছুপাৰ অভাৰলৈ যায়।

ফটো সৌজন্যঃ বিচিচিআই।

প্ৰথম ছুপাৰ অভাৰত আফগানিস্তানে ১৬ ৰান সংগ্ৰহ কৰে। সেই ৰান অতিক্ৰম কৰিবলৈ ৰোহিতে দুটা ছয় মাৰিছিল। কিন্তু শেষৰ বলত দুটা ৰানৰ প্ৰয়োজন হোৱাত হিটমেনে খেলপথাৰ এৰি যায়। দৌৰিবলৈ সুবিধা হ’ব বুলি ভাবি ৰিংকুক নমোৱা হ’ল। কিন্তু ভাৰতেও ১৬ ৰানত আবদ্ধ হৈ পৰে।

দ্বিতীয় ছুপাৰ অভাৰত টীম ইণ্ডিয়াৰ যোদ্ধাসকলে নিশ্চিতভাৱে আধিপত্য বিস্তাৰ কৰিছিল। ১২ ৰান অতিক্ৰম কৰিবলৈ গৈ ৰবি বিষ্ণয়ৰ ঘূৰ্ণীত আৱদ্ধ হৈ পৰে আফগান বেটছমেনসকল। তিনিটা বলৰ ভিতৰতে হেৰুৱালে দুটা উইকেট। খেল সম্পূৰ্ণ হ’ল। মেচখনত জয়ী হৈ ভাৰতে শৃংখলাটো হোৱাইটৱাছ কৰিলে।

ফটো সৌজন্যঃ বিচিচিআই।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ২১২/৪ (ৰোহিত ১২১*, ৰিংকু ৬৯*)

আফগানিস্তানঃ ২১২/৬ (গুলবাদিন ৫৫*, গুৰবাজ ৫০)

দুটা ছুপাৰ অভাৰৰ অন্তত ভাৰতৰ জয়লাভ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd