NORTHEAST NOW (Assamese)

আকৌ শীৰ্ষত মোদী!মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপৰ প্ৰতিবেদন

November 26, 2022 5:25 pm · এন ই নাও নিউজ,গুৱাহাটী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে পুনৰ ৭৭ শতাংশ অনুমোদন ৰেটিঙৰ সৈতে বিশ্বৰ শীৰ্ষ প্ৰভাৱশালী নেতাসকলৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ পিছতে তালিকাত আছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে ।এন্থনী এলবানিছৰ ৰেটিং পইণ্ট হৈছে ৫৬% আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন (৪১%) তৃতীয় স্থানত আছে।

তালিকাখন বিজেপিয়ে ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে য’ত লিখা হৈছে: “আকৌ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী প্ৰভাৱশালী ব্যক্তিৰ তালিকাৰ শীৰ্ষত আছে। প্ৰধানমন্ত্ৰী মোদীৰ অনুমোদনৰ মূল্যাঙ্কন বিশ্বৰ সকলো মুখ্য নেতাৰ ভিতৰত সৰ্বাধিক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭% অনুমোদন ৰেটিঙৰ সৈতে আটাইতকৈ জনপ্ৰিয় গোলকীয় নেতা হিচাবে তালিকাৰ শীৰ্ষত আৰোহণ কৰিছে।”

বিডেনৰ পিছত আছে ৩৮ শতাংশ ৰেটিঙৰ সৈতে কানাডাৰ ৰাষ্ট্ৰপতি জাষ্টিন ট্ৰুডো, ব্ৰিটেইনৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী ঋষি চুনাক ৩৬%। ২৩ শতাংশ অনুমোদন ৰেটিঙৰ সৈতে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা ষষ্ঠ স্থানত আছে। এই জৰীপটো মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপে পৰিচালনা কৰিছে। এই সংস্থাটোৱে অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, ব্ৰাজিল, জাৰ্মানী, ভাৰত, মেক্সিকো, নেডাৰলেণ্ড, দক্ষিণ কোৰিয়া, স্পেইন, চুইডেন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত জৰীপ চলাই তালিকা খন প্ৰকাশ কৰিছে।

মৰ্ণিং কনচাল্টৰ জৰীপ অনুসৰি ২০২২ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ শতাংশ অনুমোদন ৰেটিঙৰ সৈতে তালিকাৰ শীৰ্ষত আছিল। প্ৰধানমন্ত্ৰী মোডীৰ পিছত মেক্সিকান ৰাষ্ট্ৰপতি আন্দ্ৰেছ মানুৱেল লোপেজ অব্ৰাডৰ আৰু ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ দ্ৰাঘি ৬৩ শতাংশ আৰু ৫৪ শতাংশ ৰেটিংৰ সৈতে ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থানত আছিল।

Related News