NORTHEAST NOW (Assamese)

মহম্মদ ছামিৰ অভিলেখ: দ্ৰুততম ভাৰতীয় খেলুৱৈ হিচাপে স্পৰ্শ কৰিলে ঈৰ্ষণীয় মাইলষ্ট’ন

July 13, 2022 12:36 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙ্গলবাৰে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত বৃহৎ বিজয় সাব্যস্ত কৰে ভাৰতে। ভাৰতৰ বলিং আক্ৰমণৰ সন্মুখত তচনচ হৈ পৰা ইংলেণ্ড বাহিনীয়ে ১১০ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় আৰু জয়ৰ এই সহজ লক্ষ্য ভাৰতে কোনো উইকেট নেহেৰুৱাকৈয়ে সংগ্ৰহ কৰে।

মেচখনত ভাৰতৰ জয়ৰ মূল নায়ক আছিল যশপ্ৰীত বুমৰাহ। ইংলেণ্ডৰ বেটিংক্ৰমৰ ছয়জনকৈ বেটাৰক পেভিলিয়নৰ মুখ দেখুৱাই একপ্ৰকাৰ সন্ত্ৰাস হৈ পৰে বুমৰাহ। বুমৰাহলৈ যোগ্য সহযোগ আগবঢ়াই মহম্মদ ছামীয়েও দখল কৰে তিনিটা উইকেট।

এইদৰে ছামিয়ে নিজৰ এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ১৫০ টা উইকেটৰ মাইলষ্ট’ন স্পৰ্শ কৰে। বৰ্তমানলৈকে ছামিয়ে ৮০ খন আন্ত:ৰাষ্ট্ৰীয় এদিনীয়াত ১৫১ টা উইকেট দখল কৰিছে।

১৫০ টা উইকেটৰ সংখ্যা স্পৰ্শ কৰাৰ লগে লগে ছামি এই কৃতিত্ব অৰ্জন কৰা দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে প্ৰাক্তন পেচাৰ অজিত আগাৰকৰক।

আগাৰকাৰে ৯৭ খন এদিনীয়া মেচত ১৫০ উইকেট সম্পূৰ্ণ কৰিছিল। মহম্মদ ছামিয়ে এইক্ষেত্ৰত আগাৰকাৰতকৈ ১৭ খন এদিনীয়া কমকৈ খেলিয়ে নতুন ভাৰতীয় অভিলেখ স্থাপন কৰে।

অৱশ্যে সামগ্ৰিকভাৱে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত এই তালিকাত ছামি আফগানিস্তানৰ স্পিনাৰ ৰছিদ খানৰ সৈতে যুটীয়াভাৱে তৃতীয় স্থানত আছে। তালিকাৰ প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়াৰ পেচাৰ মিচেল ষ্টাৰ্ছ।

ষ্টাৰ্কে ৭৭ খন মেচত এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে দ্বিতীয় স্থানত থকা পাকিস্তানৰ ছাকলেইন মুস্তাকে ৭৮ খন মেচত ১৫০ টা উইকেটৰ সীমা স্পৰ্শ কৰিছিল।

Related News