NORTHEAST NOW (Assamese)
অসম

Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 23, 2022 9:06 am

ইজৰাইল আৰু ছুইজাৰলেণ্ডৰ পিছত আন এখন দেশলৈ বিয়পি পৰিছে মাঙ্কিপক্স। এইবাৰ অষ্ট্ৰিয়াত এই ৰোগত আক্ৰান্ত এজন ৰোগীক চিনাক্ত কৰা হৈছে। এতিয়া এই ৰোগ বিশ্বৰ ১৫খন দেশলৈ বিয়পি পৰিছে।

বাতৰি অনুসৰি, ইজৰাইল আৰু ছুইজাৰলেণ্ডে জানিবলৈ দিছে যে তেওঁলোকৰ দেশত এজনকৈ ৰোগী চিনাক্ত কৰা হৈছে। তেওঁলোকে অলপতে বিদেশ ভ্ৰমণ কৰিছিল। ইজৰাইলে আন কেইবাজনো সন্দেহযুক্ত ৰোগীক পৰীক্ষা কৰি আছে।

মাঙ্কিপক্সত আক্ৰান্ত প্ৰথম ৰোগী চিনাক্ত হৈছিল ব্ৰিটেইনত। ইয়াৰ পিছতে ইউৰোপৰ স্পেইন, জাৰ্মানী, পৰ্তুগাল, বেলজিয়াম, ফ্ৰান্স, নেডাৰলেণ্ড, ইটালী আৰু চুইডেনতো এই ৰোগত আক্ৰান্ত ৰোগী পোৱা গৈছিল।

লগতে পঢ়ক: ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ইউৰোপীয় দেশসমূহকে ধৰি কানাডা আৰু অষ্ট্ৰেলিয়াত ৮০ জনৰো অধিক লোক  মাঙ্কিপক্সৰ সংক্ৰমণত আক্ৰান্ত বুলি ধৰা পৰিছে। শেহতীয়া বছৰবোৰত আফ্ৰিকাৰ পশ্চিম আৰু মধ্যম অঞ্চলত হাজাৰোধিক মাঙ্কিপক্সৰ ঘটনা ধৰা পৰিছে যদিও ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ দেশবোৰত ইমানদিনে এই ৰোগৰ প্ৰাদুৰ্ভৱ দেখা যোৱা নাছিল।

বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে মাঙ্কিপক্স আৰু আন আন অঞ্চললৈ বিয়পিব পাৰে। ইপিনে বিশেষজ্ঞসকলে এতিয়ালৈকে মাঙ্কিপক্সৰ বাবে কোনো নিৰ্দিষ্ট ভেকচিনৰ কথা কোৱা নাই।

লগতে পঢ়ক: অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

বিবিচিৰ বাতৰি অনুসৰি কিছুমান দেশে ইতিমধ্যে স্মলপক্স (সৰু আই)ৰ ভেকচিন সংৰক্ষণ কৰা কাম আৰম্ভ কৰি দিছে।