NORTHEAST NOW (Assamese)

ভাৰতীয় খাদ্য নিগমৰ কাৰ্যবাহী সঞ্চালকৰ পদত অসমৰ মনোজ কুমাৰ গগৈ

September 4, 2021 10:47 am · এন ই নাও নিউজ
মনোজ কুমাৰ গগৈ।

অসমৰ মনোজ কুমাৰ গগৈক ভাৰতীয় খাদ্য নিগম (এফ চি আই)ৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

উজনি অসমৰ শিৱসাগৰৰ মনোজ কুমাৰ গগৈ কাৰ্যবাহী সঞ্চালক হিচাপে পদোন্নতি হোৱাৰ পূৰ্বে নতুন দিল্লীৰ ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয়ত মুখ্য মহা প্ৰৱন্ধক হিচাপে নিযুক্ত হৈ আছিল।

৫২বৰ্ষীয় গগৈ এই পদলৈ প্ৰত্যক্ষভাৱে পদোন্নতি লাভ কৰা অসমৰ প্ৰথমগৰাকী ভাৰতীয় খাদ্য নিগমৰ বিষয়া।

তেওঁক লগতে ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালকৰ (পাৰ্চেজ, আই এণ্ড ই, টি আই চেল, ইন্টাৰনেশ্যনেল কোপাৰেশ্যন) আৰু বোৰ্ড সচিবৰ দায়িত্বও দিয়া হৈছে।

Related News