NORTHEAST NOW (Assamese)

ডিমৌ হত্যাকাণ্ডৰ অভিযুক্ত জগু প্ৰজাক গ্ৰেপ্তাৰ মৰাণ আৰক্ষীৰ

October 19, 2018 9:50 pm · এন ই নাও নিউজ

ৰাজ্যখনৰ চাৰিওফালে চলি থকা দুৰ্গা পূজাৰ আনন্দৰ মাজতে বৃহস্পতিবাৰে নিশা শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত কৰা দুটাকৈ হত্যাকাণ্ডৰ অভিযুক্ত জগু প্ৰজাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মৰাণৰ মিৰিহোলাস্থিত শহুৰেকৰ ঘৰৰ পৰা মৰাণ আৰক্ষীয়ে জগু প্ৰজাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে বৃহস্পতিবাৰ অৰ্থাৎ ১৮ অক্টোবৰৰ নিশা ডিমৌৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দিখাৰী চাহ বাগিচা এলেকাত ধৃত জগু প্ৰজাই ভোলা প্ৰজা আৰু ৰমণী প্ৰজা নামৰ দম্পতীহালক নৃশংসভাৱে ঘপিয়াই হত্যা কৰিছিল।

পাৰিবাৰিক কন্দলৰ পৰিণতিতে স্বামী-স্ত্ৰীক হত্যা কৰা জগু প্ৰজাই হত্যাকাণ্ড সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।

আনহাতে একাংশ স্থানীয় ক্ষুব্ধ ৰাইজে হত্যাকাৰী জগুক বিচাৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতি সৃষ্ট কৰি তোলে। ইমানতে শান্ত নহৈ স্থানীয় ক্ষুব্ধ লোকে অভিযুক্তৰ বাসগৃহত উপস্থিত হৈ হত্যাকাৰী জগুক নাপাই জগুৰ ভাতৃ পুৰণ প্ৰজাক মৰিয়াই হত্যা কৰে। তাৰোপৰি জগু প্ৰজাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।

অৱশ্যে পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related News