NORTHEAST NOW (Assamese)
অসম

৭ দিনত অগপত ১০ লাখৰো অধিক সদস্য ভৰ্তি হৈছে : অতুল বৰা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 22, 2019 9:55 pm

“অসম গণ পৰিষদৰ প্ৰতি অসমবাসীৰ এতিয়াও মৰম-ভালপোৱা আছে ৷ তাৰ প্ৰমাণ আমি যোৱা ৭ দিনত পাইছো ৷ প্ৰথম পৰ্যায়ত আমি ১০ লাখ সদস্য ভৰ্তিৰ কুপন বিভিন্ন জিলালৈ প্ৰেৰণ কৰিছিলো যদিও সেই কুপন ইতিমধ্যে শেষ হৈছে ৷ অন- লাইনৰ জড়িয়তেও সদস্য ভৰ্তি হৈ আছে। ১৫ অক্টোবৰৰ ভিতৰত নিশ্চিত ভাৱে আমাৰ লক্ষ্য অতিক্ৰম কৰিব পাৰিম ৷” আজি বোকাখাতৰ বিষয়া জিৰণী চৰাত অগপৰ এক যোগদান কাৰ্যসূচীত অংশ লৈ অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই এই মন্তব্য কৰে ৷

বোকাখাত জিলা অগপৰ সভাপতি জগত কলিতাৰ সভাপতিত্বত অনুস্থিত সভাত অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মণি মাধৱ মহন্তই ৰাইজক আস্থা আৰু বিশ্বাসত লৈ দল আগবাঢ়ি যাব বুলি মন্তব্য কৰে ৷

আজিৰ যোগদান কাৰ্যসূচীত সদৌ অসম চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক, সদৌ অসম অনুসূচীত জাতি পৰিষদৰ ৰাজ্যিক সম্পাদক আৰু বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক ভাস্কৰ কালিন্দীয়ে অগপত যোগদান কৰে ৷

কালিন্দীয়ে অগপত যোগদান কৰি কয় যে, ব্যক্তিগত ভাৱে কংগ্ৰেছে মোক যথেষ্ঠ দিছে কিন্তু সামগ্ৰিক উন্নয়ণত বিফল হৈছে ৷ উন্নয়নৰ স্বাৰ্থ আৰু অতুল বৰাৰ নেতৃত্বত বিশ্বাস ৰাখিয়েই অগপত যোগদান কৰে বুলি তেওঁ উল্লেখ কৰে ৷

ইফালে মহুৰা মৌজাৰ ৮০ বছৰীয়া কংগ্ৰেছী মহিলা ডালিমী লইঙেও আজি অগপত যোগদান কৰে ৷ ২০ বছৰ বয়সতেই কংগ্ৰেছত যোগদান কৰিছিল যদিও শেহতীয়াকৈ দলীয় কাম কাজত অসন্তুষ্ট হৈ অগপত যোগদান কৰা বুলি তেওঁ কয় ৷

আছুৰ বোকাখাত মহকুমাৰ প্ৰাক্তন সম্পাদক কৃষ্ণ ছেত্ৰী, উজ্জ্বল শইকীয়া,পৰশুৰাম কৰ্মকাৰকে ধৰি ৫ শতাধিকে আজি অগপত যোগদান কৰে ৷

গোলাঘাট জিলাৰ সভাপতি পৱন শইকীয়া, সম্পাদক আচিকুৰ ৰহমান, বোধন চন্দ্ৰ বৰা, মহিলা পৰিষদৰ কেন্দ্ৰীয় সম্পাদিকা ৰীণা শইকীয়াকে ধৰি কেইবগৰাকী নেতাই অংশগ্ৰহণ কৰা আজিৰ সভাৰ উদ্দ্যেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক উৎপল বৰদলৈয়ে।