NORTHEAST NOW (Assamese)
দেশ

২০ হাজাৰৰো অধিক সেনাই ঘন জংঘলত ঘেৰি ধৰিলে ১ হাজাৰ নক্সালক : সেনাৰ অভিযানত নিহত ৫ মাওবাদী সদস্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2025 4:13 pm
২০ হাজাৰৰো অধিক সেনাই ঘন জংঘলত ঘেৰি ধৰিলে ১ হাজাৰ নক্সালক : সেনাৰ অভিযানত নিহত ৫ মাওবাদী সদস্য

ছত্তীশগড়ৰৰ বিজাপুৰত নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি ধৰিলে প্ৰায় এক হাজাৰ নক্সালক। ঘটনাস্থলীত উপস্থিত আছিল ২০ হাজাৰৰো অধিক সেনা-জোৱান।

সূত্ৰ অনুসৰি বিগত ৪৮ ঘণ্টা ধৰি সেনাই নক্সালবাদীৰ গতিবিধি নিৰীক্ষণ কৰি আহিছে। অনুমান কৰা হৈছে যে নক্সাল বিৰোধী অভিযানত একেলগে ইমানবোৰ নক্সালক ঘেৰাও কৰা হৈছে।

এই অভিযানত ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ যৌথ বাহিনী জড়িত হৈ আছে। চোৰাংচোৱা সংস্থাৰ তথ্য অনুসৰি ঘেৰাও কৰা ১০০০ নক্সালৰ ভিতৰত হিদমা আৰু বেটেলিয়নৰ মুৰব্বী দেবাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নক্সাল নেতাও আছে। নিৰাপত্তা বাহিনীয়ে এই অভিযানত এতিয়ালৈকে ৫ জন লোকক হত্যা কৰা বুলি জানিবলৈ দিয়ে।

এই অভিযানত জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি), বাষ্টাৰ ফাইটাৰ, বিশেষ টাস্ক ফৰ্চ (এছ টি এফ), ছত্তীশগড় আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) আৰু তেওঁলোকৰ কমাণ্ডো বেটেলিয়ন ‘কোব্ৰাই অংশগ্ৰহণ কৰিছে। নিৰাপত্তা বাহিনীয়ে কাৰাগুটা পাহাৰীয়া অঞ্চল সম্পূৰ্ণৰূপে ঘেৰাও কৰি মাওবাদীসকলৰ পলায়নৰ কোনো উপায় নাই বুলি নিশ্চিত কৰিছে।

কাকতলীয়াকৈ কবলৈ গলে, ঘন অৰণ্য আৰু ঠেক পাহাৰৰ বাবে কাৰাগুটা মাওবাদীসকলৰ বাবে অন্যতম মূল কাৰ্য্যকলাপৰ স্থান। কিছুদিন পূৰ্বে তেওঁলোকে এক বিবৃতি প্ৰকাশ কৰি স্থানীয় ৰাইজক জনাইছিল যে সমগ্ৰ গাঁওখনত আই ই ডি ৰোপণ কৰা হৈছে। তাৰ পিছতে এই অভিযান আৰম্ভ কৰা হৈছে।ইফালে, চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা নিৰাপত্তা বাহিনীয়ে ১৫০ জন নক্সালক হত্যা কৰিছে। কেৱল বস্তৰতে ১২৪ জন লোকৰ মাওবাদীক হত্যা কৰা হৈছে।