NORTHEAST NOW (Assamese)
অসম

পৰজা ঐ জৰৌৰোৱা! মোদীৰ দিনত বন্ধ হৈ গ’ল ৩ লাখ ষ্টাৰ্ট-আপ-এমএছএমই

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 30, 2026 11:23 am

‘ব্যৱসায় মোৰ তেজত আছে।’ সেইটোৱেই নৰেন্দ্ৰ মোদীয়ে গৌৰৱেৰে প্ৰচাৰ কৰে। সেইবাবেই বছৰত ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি দিও তেওঁ সাধাৰণ মানুহক ব্যৱসায় কৰিবলৈ ‘উৎসাহিত’ কৰিছিল। আকৰ্ষণীয় ঘোষণাটো আছিল, ‘ষ্টাৰ্ট-আপ ইণ্ডিয়া’। বিৰোধীয়ে দাবী কৰিছিল যে  চৰকাৰী চাকৰিত নিযুক্তি হ্ৰাস কৰিবলৈ  আওপকীয়াকৈ ‘নিজেই নিজৰ পথ বিচাৰি লওক’ কৌশল।

চৰকাৰে ষ্টাৰ্ট-আপ ইণ্ডিয়া প্ৰকল্পৰ অধীনত ঋণ প্ৰদান কৰে। কিন্তু ষ্টাৰ্ট-আপৰ প্ৰকৃত অৱস্থা কি? ১০ বছৰৰ খতিয়ান কি? এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে এনে লাগে যেন মুখৰ প্ৰচাৰ মাথোঁ। ‘আচ্ছে দিন’ কিন্তু ষ্টাৰ্ট-আপলৈ অহা নাই। তদুপৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME)ৰো অৱস্থা তথৈবচ। অন্ততঃ চৰকাৰী প্ৰতিবেদনত সেইটোৱে কোৱা হৈছে।

সংসদত দাখিল কৰা বাণিজ্য মন্ত্ৰালয়ৰ বিভিন্ন উত্তৰ অনুসৰি উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ তথ্য অনুসৰি দেশত অনুমোদিত ষ্টাৰ্টআপৰ সংখ্যা ২,১২,২৮৩ টা। কিন্তু ইয়াৰে ৬৭৮৯ টা বন্ধ হৈ গৈছে।

নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ১৬ জানুৱাৰীত আৰম্ভ কৰিছিল ষ্টাৰ্টআপ ইণ্ডিয়া প্ৰকল্প। তেওঁৰ এই পদক্ষেপ দহ বছৰত বিফল হৈছে। ইয়াৰ মূল কাৰণ কি? দেশৰ আৰ্থিক অৱস্থা। আৰু সেয়া চৰকাৰে নিজেই স্বীকাৰ কৰিছে।

যদি ষ্টাৰ্টআপবোৰ ‘আশ্বাসৰ পুখুৰী’, তেন্তে সাগৰখন হৈছে এম এছ এম ই। মোডীৰ যুগত বিমুদ্ৰাকৰণ, ত্ৰুটিপূৰ্ণ জি এছ টিৰ, কোভিড পৰ্যায়ত পৰিকল্পনাৰ অভাৱ – ইখনৰ পিছত সিখন ৰাজ্যত বন্ধ হৈ পৰিছে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ। চৰকাৰী ৰেকৰ্ডত কোৱা হৈছে যে যোৱা ছবছৰত ১,৩৭,০০০ এমএছএমই বন্ধ হৈ গৈছে।

 ‘মোডী হ্যায় তু মুমকিন হ্যায়’ৰ জোলোঙাত আৰু আছে। সকলো কথা চৰকাৰী ৰেকৰ্ডত লিপিবদ্ধ কৰা হয়। ব্যৱসায়ৰ বাবে বহু কোম্পানীয়ে নাম পঞ্জীয়ন কৰিছে যদিও যোৱা পাঁচ বছৰত প্ৰত্যাহাৰ কৰিছে। ৰেজিষ্টাৰ অৱ কোম্পানীৰ তথ্য অনুসৰি ১,৮৯,২৯৫ টা কোম্পানী বন্ধ হৈ গৈছে। তেওঁলোকে কোনো ব্যৱসায়িক উৎসাহ লাভ কৰা নাই। ফলত মুঠ ৩,৩৩,০৮৪টা কোম্পানী বন্ধ হৈ পৰিছে বুলি পৰিসংখ্যাত প্ৰকাশ পাইছে।

চৰকাৰী তথ্য অনুসৰি দেশৰ ৪৮ শতাংশ ষ্টাৰ্ট-আপ হয় মহিলাৰ দ্বাৰা পৰিচালিত  নহয় তাত মহিলাৰ অংশীদাৰিত্ব আছে। কিন্তু ২৯৫০টা এনে ষ্টাৰ্ট-আপো বন্ধ হৈ পৰিছে। ফলত বিষয়টো ক্ৰমান্বয়ে চিন্তনীয় পৰিস্থিতিৰ দিশে আগবাঢ়িছে বুলিয়েই প্ৰকাশ কৰিছে ভূৰখা মহলে।

আটাইতকৈ বেছি বন্ধ হৈছে আই টি (তথ্য প্ৰযুক্তি) ষ্টাৰ্ট-আপ – ৮৭৫টা। ইয়াৰ লগতে ৪৯১ টা শিক্ষাৰ সৈতে জড়িত, ১৫৬ টা কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে জড়িত, আৰু ৩০১ টা কৃষিৰ সৈতে জড়িত। খাদ্য আৰু পানীয়ৰ দৰে ৩২০টা ষ্টাৰ্ট-আপো চলিব নোৱাৰাৰ বাবে বন্ধ কৰি দিয়া হৈছে।

এনিমেচন, আৰ্কিটেকচাৰ, কম্পিউটাৰ, নিৰ্মাণ, ফেশ্বন, ফাইনেন্স, মাৰ্কেটিং, মিডিয়া, খুচুৰা, ৰবটিক্স, খেলনা, প্ৰযুক্তি, পৰিবহণকে ধৰি ৫৫ ধৰণৰ ষ্টাৰ্ট আপৰ অধিকাংশই বন্ধ হ’বলৈ ওলাইছে। ফলত মোডী আৰু তেওঁৰ অন্ধ সমৰ্থকসকলে যিমানেই ঢোল কোবাই নাথাকক কিয় চৰকাৰী তথ্যই এই প্ৰচাৰৰ সাৰশূন্যতা ফাদিল কৰিছে।