NORTHEAST NOW (Assamese)

ভাৰতৰ কৃষক বিদ্ৰোহ : চ’ছিয়েল মিডিয়াত পুনৰ গ্ৰেটা থুনবাৰ্গৰ টুলকিট শ্বেয়াৰ কৃষক বিক্ষোভ বিৰোধীৰ

February 23, 2021 6:27 pm · এন ই নাও নিউজ
Updated: February 23, 2021 8:00 pm

চ’ছিয়েল মিডিয়াৰ যোগে ভাৰতৰ কৃষক বিদ্ৰোহক সমৰ্থন কৰাৰ পিছতে ভাৰতত সঘনাই চৰ্চিত হৈছে ১৮ বৰ্ষীয় চুইডিছ পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গ। বহুতে গ্ৰেটাক সমৰ্থন কৰিলেও একাংশই সমালোচনা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপপ্ৰচাৰো চলাই অহা পৰিলক্ষিত হৈছে।

ইতিমধ্যে কৃষক বিক্ষোভৰ সমৰ্থনত গেটা থুনবাৰ্গে কৰা টুইটৰ টুলকিট ব্যৱহাৰ কৰি বাংগালুৰুৰ পৰিৱেশকৰ্মী দিশা ৰবি দিল্লী আৰক্ষী দ্বাৰা গ্ৰেপ্তাৰ বৰণ কৰি কাৰাগাৰত আৱদ্ধ হৈ আছে।

ইয়াৰ পিছতে পুনৰ গ্ৰেটা থুনবাৰ্গে টুইটাৰত শ্বেয়াৰ কৰা এখন পুৰণি ফ’টো সম্পাদনা কৰি কৃষক বিক্ষোভ বিৰোধী একাংশ টুইটাৰ ইউজাৰে ভাইৰেল কৰিছে।

সম্পাদনা কৰা উক্ত ফ’টোখন টুইটাৰত শ্বেয়াৰ কৰি হেজষ্টেগেৰে কেপশ্যন দিয়া হৈছে “ভাৰতে বিৰোধী শক্তিবোৰক সুধিছে #AskGretaWhy”।

টুলকিটৰ ফ’টোখনত গ্ৰেটা থুনবাৰ্গে এখন চলন্ত ৰে’লত কলসহ ব্ৰেকফাষ্ট কৰি থকা দেখা গৈছে আৰু খিৰিকীৰ সিপাৰে ভুকাতুৰ কেইটামান শিশুৱে থুনবাৰ্গলৈ লোভত চাই আছে।

ফ’টোখন এইদৰে সম্পাদনা কৰি সেয়ে সোধা হৈছে, ভাৰতৰ কৃষক বিক্ষোভক সমৰ্থন কৰা গ্ৰেটা থুনবাৰ্গে ক্ষুধাৰ্ত শিশুক দেখুৱাই নিজে লাহ বিলাহত ব্ৰেকফাষ্ট কিয় কৰি আছে?

ইতিমধ্যে এই টুইলকিটো জি নিউজৰ সম্পাদক সুধীৰ চৌধুৰীয়েও গ্ৰেটা থুনবাৰ্গক তদ্ৰূপ প্ৰশ্ন কৰি টুইটাৰত শ্বেয়াৰ কৰিছে।

ইফালে গ্ৰেটাৰ সমৰ্থক এগৰাকীয়ে সুধীৰ চৌধুৰীক তাচ্ছিল্য কৰি এই সম্পাদনা কৰা ফ’টোখন শ্বেয়াৰ কৰা বাবে কটাক্ষসুলভ ধন্যবাদ জ্ঞাপন কৰিছে।

ইমানেই নহয় উক্ত টুলকিটো ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জীয়াৰ বালচ’নাৰ’ পুত্ৰ এডৱাৰ্ড’ বালচ’নাৰ’ৱেও শ্বেয়াৰ কৰিছে।

আচলতে সম্পাদনা কৰা প্ৰকৃত ফ’টো দুখন কি আছিল?

ভাৰতৰ কৃষক বিক্ষোভ বিৰোধী শিবিৰে শ্বেয়াৰ কৰি থকা গ্ৰেটাৰ মূল ফ’টোখন হৈছে এখন পুৰণি ফ’টো। ২০১৯ বৰ্ষৰ জানুৱাৰি মাহত ডেনমাৰ্কৰ এখন চলন্ত ৰে’লত ব্ৰেকফাষ্ট কৰা ফ’টো, যিখন ফ’টো ২০১৯ চনৰ ২২ জানুৱাৰিত গ্ৰেটাই নিজৰ টুইটাৰ একাউন্টত ‘ডেনমাৰ্কত ব্ৰেকফাষ্ট’ বুলি লিখি শ্বেয়াৰ কৰিছিল।

উক্ত ফ’টোখনৰ সৈতে ব্যৱহাৰ কৰা ক্ষুধাৰ্ত শিশুকেইজনৰ ফ’টোখনো হৈছে ইয়াতকৈ পুৰণি এখন বিখ্যাত ফ’টো।

দ্য ৱায়েৰৰ অনুসৰি ২০০৭ চনৰ ২৩ আগষ্টত ৰয়টাৰত প্ৰকাশিত এটা প্ৰৱন্ধত সংলগ্ন উক্ত ফ’টোখন হৈছে ষ্টেফনি হানক’কে তোলা কেন্দ্ৰীয় আফ্ৰিকাৰ বুশ্ব যুদ্ধত আক্ৰান্ত কেইজনমান শিশুৰ ফ’টো।

Related News