NORTHEAST NOW (Assamese)

পৱিত্ৰ ৰমজাহ মাহত বন্ধ থাকিব মছজিদ; ঘৰতে নামাজ পঢ়িবলৈ চৰকাৰৰ আহ্বান

April 15, 2020 10:00 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

চৌদি আৰবত পৱিত্ৰ ৰমজান মাহৰ সময়ত মুছলমানসকলক মছজিদৰ বিপৰীতে ঘৰে ঘৰে নামাজ পঢ়িব লাগিব। এই নিৰ্দেশ দিছে দেশখনৰ মন্ত্ৰী আব্দুল লতিফ আল-শ্বেখে।

মন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়ালৈকে বিশ্বত ক’ৰ’না ভাইৰাছ থাকে তেতিয়ালৈকে কোনো লোককে মছজিদত নামাজ পঢ়িবলৈ দিয়া নহ’ব। অকল নামাজেই নহয় উক্ত সময়ত মক্কাও বন্ধ থাকিব বুলি জনায়।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ১৯ মাৰ্চত চৌদি আৰবে মছজিদত গ্ৰুপ হৈ নামাজ পঢ়াত নিষেধাজ্ঞা আনিছিল।

বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা ভাইৰাছবিধৰ প্ৰতিৰোধৰ বাবে চৌদি আৰবৰ চৰকাৰখনে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিছিল।

মন্ত্ৰী শ্বেখে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ আদেশ তথা নীতি-নিয়ম সমূহ সাধাৰণ নাগৰিকে মানি চলিব লাগিব বুলিও মন্তব্য কৰে।

মছজিদ বন্ধ কৰাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে সকলোৱে ঘৰৰ পৰাই আল্লাহক প্ৰাৰ্থনা কৰিলে হ’ল, কিয়নো এই সময়চোৱাত নামাজ বা ৰাজহুৱা প্ৰাৰ্থনাতকৈ সাধাৰণ লোকৰ জীৱন তথা স্বাস্থ্য বেছি গুৰুত্বপূৰ্ণ।

Related News