NORTHEAST NOW (Assamese)

২৪০ কোটি টকীয়া ‘ঘৰ’! দেশৰ আটাইতকৈ ব্যয়বহুল এপাৰ্টমেণ্টৰ ক্ৰেতা কোন!

February 10, 2023 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী

মুম্বাইত ২৪০ কোটি টকাত বিক্ৰী হৈছে এটা পেণ্টহাউচ। ৱাৰ্লি অঞ্চলত অৱস্থিত এই ব্যয়বহুল এপাৰ্টমেণ্ট কমপ্লেক্সটো। ৱেলছন গ্ৰুপৰ অধ্যক্ষ বি কে গোৱেংকাই এই ফ্লেটটো ক্ৰয় কৰিছে এই বৃহৎ পৰিমাণৰ ধনৰাশিত। গোৱেংকাই ক্ৰয় কৰা এই ৩০০০০০ বৰ্গফুটৰ পেণ্টহাউছটো ৬৩, ৬৪ আৰু ৬৫ মহলাত অৱস্থিত।

‘থ্ৰী ছিক্সটি ৱেষ্ট’ নামৰ বিলাসী প্ৰকল্পটোৱে বিক্ৰী কৰিছে এই পেণ্টহাউচটো। বুধবাৰে চূড়ান্ত কৰা হয় এই ব্যয়বহুল চুক্তি। বৃহৎ মূল্যত ক্ৰয় কৰা এই পেণ্টহাউচটোত বাস কৰাৰ পৰিকল্পনা কৰিছে উদ্যোগপতিগৰাকীয়ে।

বি কে গোৱেংকা

ব্যৱসায়ী-বিল্ডাৰ সুধাকৰ শ্বেট্টী আৰু বিল্ডাৰ বিকাশ অবেৰয়ৰ অবেৰয় ৰিয়েলটিৰ যৌথ উদ্যোগ অ’এছিছ ৰিয়েলটিয়ে এই প্ৰকল্পটো নিৰ্মাণ কৰিছিল। ওবেৰয়েও একেটা টাৱাৰত ২৪ কোটি টকাত আন এটা পেণ্টহাউচ ক্ৰয় কৰা বুলি জানিব পৰা গৈছে।

ৰিয়েল এষ্টেট ৰেটিং আৰু গৱেষণা সংস্থা লিয়াছ ফ’ৰাছৰ প্ৰতিষ্ঠাপক তথা এমডি পংকজ কাপুৰে এই ব্যয়বহুল চুক্তি সন্দৰ্ভত উল্লেখ কৰা মতে গোৱেংকাই ক্ৰয় কৰা এই এপাৰ্টমেণ্টটোৱেই দেশত বৰ্তমানলৈকে বিক্ৰী হোৱা আটাইতকৈ ব্যয়বহুল এপাৰ্টমেণ্ট।

উল্লেখ্য যে, ২০১৫ চনত ফাৰ্মাচিউটিকেল ফাৰ্ম জিন্দাল ড্ৰাগছৰ স্বত্বাধিকাৰী জিন্দাল পৰিয়ালে লোধা আলটামাউণ্টত ১০ হাজাৰ বৰ্গফুটৰ এটা এপাৰ্টমেণ্ট ১৬০ কোটি টকাত ক্ৰয় কৰিছিল।

আনহাতে ২০২২ চনত বলীউদৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে বান্দ্ৰা বেণ্ডষ্টেণ্ডৰ সাগৰ বিল্ডিঙত ১১৯ কোটি টকাত এটা এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল।

Related News