NORTHEAST NOW (Assamese)

মাতৃক ছাৰপ্ৰাইজ পুত্ৰৰ, নিজে উৰাজাহাজ চলাই লৈ গ’ল হজলৈ

June 28, 2023 4:45 pm · এন ই নাও নিউজ, গুৱাহাটী

মাতৃৰ ইচ্ছা আছিল, জীৱনত এবাৰ হ’লেও বিমানত যাত্ৰা কৰিব।  মাতৃৰ এই দীৰ্ঘদিনীয়া ইচ্ছা পুৰণ কৰিলে পুত্ৰই। মাতৃক চমক দি মাতৃৰ এই ইচ্ছা পূৰণ কৰিলে পুত্ৰই

খালিজ টাইমছৰ বাতৰি অনুসৰি ইজিপ্ত এয়াৰলাইন্সৰ পাইলট আব্দুল্লা মহম্মদ বাহীৰ মাতৃয়ে কামনা কৰিছিল যে এদিন তেওঁ পুত্ৰই উৰুৱাই নিয়া বিমানখনেৰে যাত্ৰা কৰিব।

যেতিয়া মাকে হজলৈ যোৱাৰ পৰিকল্পনা কৰিছিল তেতিয়া তেওঁ নিজেই চলোৱা উৰাজাহাজেৰে মাকক হজলৈ নিয়াৰ পৰিকল্পনা কৰে। কিন্তু তেওঁ মাতৃৰ পৰা গোপনে ৰাখিছিলএই কথা।

আনকি আব্দুল্লাই মাক হজলৈ যোৱাৰ দিনা বিমানবন্দৰলৈও গৈছিল। সেই সময়ত তেওঁ মাকক কৈছিল যে তেওঁ উৰাজাহাজেৰে কুৱেইটলৈ যাব। 

কিন্তু আব্দুল্লাই হাজ হজযাত্ৰী কঢ়িয়াই চৌদি আৰৱলৈ যোৱা বিমানখনত উঠে। মাক সেই বিমানতে হজলৈ গৈছিল। পিছত বিমানখন নিজেই চলাই মাক আৰু আনসকলক লৈ ছৌদিলৈ লৈ যায়।

ইতিমধ্যে ছচিয়েল মিডিয়া ইনষ্টাগ্ৰামত ভাইৰেল হৈছে পুত্ৰই মাতৃক ছাৰপ্ৰাইজ দিয়াৰ সেই বিশেষ ভিডিঅ’। ভিডিঅ’ত দেখা যায় যে আব্দুল্লাৰ মাকে বিমানখনত উঠি অহাৰ সময়ত আব্দুল্লা থিয় হৈ আছিল বিমানখনৰ পাইলট কেবিনৰ সমুখত।  সেই সময়ত মাতৃ আৱেগিক হৈ পৰে আৰু এই সমস্ত ঘটনা বন্দী হৈ থাকে কেমেৰাত।

Related News