NORTHEAST NOW (Assamese)

প্ৰেমৰ সংঘাত! বিয়াৰ ৰভাতলীতে নৱবিবাহিত দম্পতীৰ বিষপান; দৰাৰ মৃত্যু, কইনা আইচিইউত

May 18, 2023 5:41 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

আনন্দৰ পৰিৱেশৰ মাজতে মুহূৰ্ততে বিষাদেৰে ভৰি পৰিল ৰভাতলী। কাজিয়া আৰু অশান্তিৰ বাবে বিবাহগৃহত বহি থকা অৱস্থাতে নৱবিবাহিত দম্পতিয়ে বিষ পান কৰে। বিষ সেৱন কৰাৰ কেই ঘণ্টাৰ ভিতৰতে দৰাজনৰ মৃত্যু হয়। আনহাতে, কইনাজনী হস্পিতালত মৃত্যুৰ সৈতে যুঁজি আছে।

মঙলবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হয় এই ঘটনা। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে ২০ বছৰীয়া যুৱতীগৰাকীয়ে যোৱা কেইসপ্তাহমানৰ পৰা যুৱকজনক বিয়াৰ বাবে হাৰাশাস্তি কৰি ফুৰিছিল।

লগতে পঢ়ক:ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ হত্যাকাণ্ড: ডাঃ সৰিতা তোছনিৱালৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

ইপিনে, ২১ বছৰীয়া যুৱকজনে বিবাহৰ বাবে আৰু দুবছৰ সময় বিচাৰিছিল। কিন্তু যুৱতীগৰাকীয়ে মান্তি নহ’ল। অৱশেষত তেওঁলোকৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। কিন্তু বিয়াৰ দিনতো দুয়োৰে মাজত সংঘাতৰ অন্ত নপৰিল।

কানাৰিয়া অঞ্চলৰ আৰ্য সমাজ মন্দিৰত তেওঁলোকৰ বিবাহৰ আয়োজন কৰা হৈছিল। বিবাহ অনুষ্ঠানত বিষ সেৱন কৰাৰ পিছত যুৱকজনে নিজেই যুৱতীগৰাকীক এই কথা কয় । তাৰ পিছত ছোৱালীজনীয়ে নিজেও বিষ পান কৰে।

লগতে পঢ়ক: কুকুৰে মূৰটো কিয় হেলনীয়া কৰি ৰাখে? বিজ্ঞানীয়ে বিচাৰি উলিয়াইছে ইয়াৰ গোপন ৰহস্য

বিবাহ অনুষ্ঠানতে যুৱকজনৰ মৃত্যু হয়। আত্মীয়ই ততাতৈয়াকৈ নৱবিবাহিত দুগৰাকীক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।

আনহাতে, যুৱতীগৰাকী সংকটজনক অৱস্থাত এতিয়াও চিকিৎসাধীন হৈ আছে। তেওঁক লাইফ চাপৰ্টত ৰখা হৈছে।

Related News