NORTHEAST NOW (Assamese)

এইবাৰ যোগী আদিত্যনাথে সলালে আগ্ৰাৰ মোগল মিজিউয়ামৰ নাম : নতুন নাম কি দিলে যোগীয়ে?

September 15, 2020 2:51 pm · এন ই নাও নিউজ
Updated: September 15, 2020 2:58 pm

মোগলচৰাই ৰে’লৱে ষ্টেশ্যন, এলাহাবাদ, লক্ষ্মৌ ষ্টেডিয়ামৰ পিছত এইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নাম সলনি কৰিছে আগ্ৰাৰ মোগল মিজিউয়ামৰ।

‘মোগলসকল আমাৰ নায়ক হ’ব নোৱাৰে’ বুলি কৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মিউজিয়ামটোৰ নাম সলনি কৰি ৰাখিছে ছত্ৰপতি শিৱাজী মহাৰাজ মিউজিয়াম।

উল্লেখ্য যে ২০১৬ চনত উত্তৰ প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱে তাজমহলৰ কাষত পৰ্যটকৰ বাবে ৰেষ্টোঁৰা, ষ্ট্ৰীট কাফে, অ’ৰিয়েণ্টেশ্যন চেন্টাৰ আৰু হেৰিটেজ চেন্টাৰৰ এটা বহুমুখী প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল, যিটোৰ নাম দিয়া হৈছিল আগ্ৰাৰ মোগল মিউজিয়াম।

তাজমহলৰ পৰা মাত্ৰ ১ কিলোমিটাৰ নিলগত নিৰ্মাণ কৰা এই প্ৰকল্পটো ২০১৭ বৰ্ষতে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও উক্ত ভূমিতে উত্তৰ প্ৰদেশৰ এটা চৰকাৰী কাৰ্যালয় থকাৰ বাবে নিৰ্মাণ কাৰ্য মন্থৰ হয়।

ইতিমধ্যে প্ৰকল্পটোৰ বাবে যোগী চৰকাৰে ২০ কোটি টকা আৱন্টন দিছে। এতিয়াও নিৰ্মাণ সম্পূৰ্ণ নোহোৱা এই প্ৰকল্পটোৰ নাম সলনি কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

সোমবাৰে প্ৰশাসনীয় এক ৰিভিউ বৈঠকত যোগী আদিত্যনাথে এই প্ৰকল্পটোৰ নাম সলনি কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৈঠকৰ পিছতে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইয়াৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰে।

“আগ্ৰাৰ নতুন মিউজিয়ামৰ নাম হ’ব শিৱাজী মহাৰাজ। আপোনালোকৰ নতুন উত্তৰ প্ৰদেশত দাসত্ব মানসিকতাৰ কোনো চিহ্ন নাথাকিব। ছ্ত্ৰপতি শিৱাজী মহাৰাজ আমাৰ নায়ক। জয় হিন্দ, জয় ভাৰত।” টুইটাৰ এইদৰে লিখিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

Related News