NORTHEAST NOW (Assamese)

মূকাভিনয় প্ৰসাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় জলপানী বঁটাপ্ৰাপ্ত যুৱ মূকাভিনেতা মিনাংক ডেকাৰ অনন্য প্ৰয়াস

November 15, 2018 11:25 am · এন ই নাও নিউজ
Updated: November 15, 2018 12:43 pm
ফটো : মিনাংক ডেকা

মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ব্ৰতী হৈ থকা অসমৰ উদীয়মান তথা প্ৰতিভাৱান মূকাভিনেতা মিনাংক ডেকাই বুধবাৰে শিশু দিৱস উপলক্ষে গুৱাহাটীৰ মালিগাঁওস্থিত বনস্থলী একাডেমিৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ‘মূকাভিনয়ৰ এঘণ্টা’ শীৰ্ষক এক মত-বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰে।

এই অনুষ্ঠানত যুৱ মূকাভিনেতাজনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মূকাভিনয় সম্পৰ্কে বিভিন্ন আলোচনা কৰাৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলক মূকাভিনয়ৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে মূকাভিনয় পৰিৱেশন কৰা দেখা যায়।

‘গান-নাচৰ দৰে মূকাভিনয়ৰ বিষয়েও মানুহে জানক। মানুহে যাতে মূকাভিনয় কি বুলি প্ৰশ্ন নকৰে তাৰ বাবেই মই মাজে মাজে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছো’। এইদৰে কয় মিনাংক ডেকাই।

মূকাভিনয় প্ৰদৰ্শনৰ এটি মুহূৰ্তত মিনাংক ডেকা

শিশু দিৱস উপলক্ষে অনুষ্ঠিত কৰা এই মত-বিনিময় অনুষ্ঠানটোত যথেষ্ট উৎসাহেৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰাৰ লগতে মূকাভিনয়ৰ প্ৰতি আকৰ্ষিত হোৱা বুলিও যুৱ মূকাভিনেতাজনে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় জলপানী বঁটাপ্ৰাপ্ত যুৱ মূকাভিনেতা মিনাংক ডেকাই ইতিমধ্যে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন অনুষ্ঠানত মূকাভিনয় পৰিৱেশন কৰি যথেষ্ট সমাদৰ লাভ কৰিছে।

ইয়াৰ উপৰি মিনাংক ডেকাই  মূকাভিনয়ক অধিক জনমুখী কৰাৰ অৰ্থে “নিৰ্বাক  যাত্ৰা” নামেৰে এক কাৰ্যসূচী গ্ৰহণ কৰি পথ সুৰক্ষা, জন সজাগতা , দীপৰ বিল সুৰক্ষাৰ হকে বিভিন্ন অনুষ্ঠান পৰিৱেশনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Related News