NORTHEAST NOW (Assamese)
অসম

ঘন্টাত ৯৫কোটি টকাকৈ দুমাহত ১.৩৭লাখ কোটি টকাৰ সম্পত্তি বৃদ্ধি কৰিলে মুকেশ আম্বানিয়ে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 5:30 pm
mukesh-ambani-730_1592661175

কৰ’না মহামাৰীৰ সংকটৰ সময়তে বিগত দুমাহত বিশ্বৰ আটাইতকৈ সম্পদশালী ১০০ গৰাকী ব্যক্তিৰ সম্পদৰ পৰিমান চকুত লগাকৈ বৃদ্ধি পালে।

চীনত প্ৰধান কাৰ্যালয় থকা হাৰুণ আলোচনীয়ে প্ৰতিবছৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকা প্ৰস্তুত কৰে।

ইয়াৰ প্ৰতিবেদন অনুসৰি, বিগত দুমাহত ভাৰতীয় ব্যৱসায়ী মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমান ইংৰাজী V আখৰটোৰ আকৃতিৰে বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি, কৰ’না আৰম্ভ হোৱাৰ প্ৰথম দুমাহত ১৯ বিলিয়ন ডলাৰ সম্পত্তি গোটোৱা মুকেশ আম্বানিয়ে যোৱা দুমাহত বৃদ্ধি কৰিছে ১৮ বিলিয়ন ডলাৰৰ সম্পদ।

মুকেশ আম্বানি বৰ্তমান বিশ্বৰ শীৰ্ষ দহগৰাকী ধনী ব্যক্তিৰ তালিকাৰ আঠ নম্বৰ স্থানত আছে।

বিগত দুমাহত ১৮ বিলিয়ন অৰ্থাৎ ১.৩৭লাখ কোটি টকাৰ সম্পত্তি বৃদ্ধি কৰিছে মুকেশ আম্বানিয়ে। সেই হিচাপে এই দুমাহত তেওঁ প্ৰতি ঘন্টাত ৯৫কোটি টকাৰ সম্পদ গোটাইছে।

ভাৰতৰ ভেকচিন কিং হিচাপে পৰিচিত ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ স্বত্ত্বাধিকাৰ ছাইৰাছ পুনাৱালাই যোৱা দুমাহত তেওঁৰ সম্পত্তিৰ পৰিমান ১৫ বিলিয়ন ডলাৰ বৃদ্ধি কৰিছে।

পুনাৱালা বৰ্তমান বিশ্বৰ ১০০গৰাকী ধনী ব্যক্তিৰ তালিকাৰ ৫৭নম্বৰ স্থানলৈ উন্নীত হৈছে। ইয়াৰ পূৰ্বে তেওঁৰ স্থান আছিল ৮৬নম্বৰত।

আনহাতে, বিশ্বৰ ১০০গৰাকী ধনী ব্যক্তিৰ তালিকাত থকা আন দুগৰাকী ভাৰতীয় হ’ল গৌতম আদানি আৰু শিৱ নাডাৰ।

সম্বদ বৃদ্ধিৰ তালিকাৰ শীৰ্ষত আছে এমাজনৰ মালিক জেফ বেজোছ। তেওঁৰ সম্পত্তিৰ পৰিমান ২০ বিলিয়নৰ পৰা ১৬০ বিলিয়নলৈ বৃদ্ধি পাইছে। সেইদৰে তালিকাৰ দ্বিতীয় স্থানত আছে বিল গেটছ।

বিশ্বৰ শীৰ্ষ ১০গৰাকী ধনীৰ তালিকাত স্থান লাভ কৰা একমাত্ৰ এছিয়াৰ ব্যক্তি মুকেশ আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজত ৪২ শতাংশ শ্বেয়াৰ নিজৰ হাতত আছে।