NORTHEAST NOW (Assamese)

ক্ৰমাগত আঠখন মেচত জয়ৰ মুখ নেদেখা নৰ্থ-ইষ্টৰ সম্মুখত আজি মুম্বাই এফ চি

January 31, 2020 8:50 am · এন ই নাও নিউজ

ক্ৰমাগত আঠখন মেচত জয়ৰপৰা বঞ্চিত হৈ থকা নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে আজি মুম্বাই চিটি এফ চিৰ মুখামুখি হ’ব। মেচখন অনুষ্ঠিত হ’ব মুম্বাই ফুটবল এৰেণাত।

উল্লেখ্য যে ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হোৱা মুম্বাই আৰু নৰ্থ-ইষ্টৰ মাজৰ প্ৰথম লেগৰ মেচখন ২-২ গ’লত ড্ৰ হৈছিল।

নৰ্থ-ইষ্ট য়ুনাইটেডে যোৱা নৱেম্বৰত হাইদৰাবাদক পৰাস্ত কৰাৰ পিছৰে পৰা খেলা আঠখন মেচত জয়ৰ মুখ দেখা নাই।

১২ খন মেচৰ পৰা ১১ পইণ্টেৰে তালিকাৰ ন নম্বৰ স্থানত নৰ্থ-ইষ্টৰ বাবে প্লে অফত স্থান নিৰ্ধাৰণ কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে।

উল্লেখ্য যে তাৰকা ষ্ট্ৰাইকাৰ জিয়ানে আঘাতৰ বাবে দলৰ পৰা আঁতৰি যোৱাৰ পিছৰে পৰা নৰ্থ-ইষ্টে সফলতাৰ মুখ দেখা নাই।

ইফালে আজিৰ মেচখন মুম্বাইৰ বাবেও গুৰুত্বপূৰ্ণ। সম্প্ৰতি ২০ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত থকা দলটোৱে আজিৰ মেচখনৰ পৰা তিনি পইণ্ট সংগ্ৰহেৰে শীৰ্ষ চাৰিত প্ৰৱেশৰ চেষ্টা চলাব।

Related News