NORTHEAST NOW (Assamese)

IPL 2023: চলিত আইপিএলত মুম্বাইৰ প্ৰথম জয়; ৰোহিত-পীযুষৰ অদমনীয় প্ৰদৰ্শন; স্নায়ুযুঁজত পৰাস্ত দিল্লী

April 12, 2023 8:04 am · এন ই নাও নিউজ, নতুন দিল্লী
ফটো সৌজন্য: আইপিএল।

চলিত আইপিএল এই যুঁজখন আছিল লীগ টেবুলৰ একেবাৰে তলৰ দুটা দলৰ মাজত। দুয়োটা দলে পইণ্ট টেবুলত একাউণ্ট খুলিবলৈ সংগ্ৰাম কৰি আছিল। সেই যুঁজখন সঁচাকৈয়ে কঠিন। অৱশ্যে শেষ হাঁহি মাৰিলে মুম্বাই ইণ্ডিয়ানছে।

পীয়ুষ চাওলাৰ স্পীন ভেল্কি আৰু অধিনায়ক ৰোহিত শৰ্মাৰ অনবদ্য অৰ্ধশতকেৰে খেলখনত মুম্বাইয়ে জয়লাভ কৰে। আইপিএলৰ আটাইতকৈ সফল দলটোৱে ৬ উইকেটত চলিত ছিজনৰ প্ৰথমটো জয় সাৱ্যস্ত কৰে।

টছত জয়ী হৈ মুম্বাইৰ অধিনায়ক ৰোহিতে প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়। আই পি এলৰ সফল দলটোৰ বলিং বিভাগ এইবাৰ দেখাত আটাইতকৈ দুৰ্বল। ইয়াৰ পিছতো মঙলবাৰে দিল্লীক ১৭২ ৰানত সীমাবদ্ধ কৰিবলৈ সক্ষম হয় মুম্বাইয়ে।

ফটো সৌজন্য: আইপিএল।

পীয়ুষ চাওলাৰ স্পীন ভেল্কি আৰু বেহৰেণ্ডৰ্ফৰ পেচৰ সৌজন্যত সেয়া সম্ভৱ হয়। দুয়োজনে ৩টাকৈ উইকেট লাভ কৰে। দুই বলাৰৰ পৰাক্ৰমৰ আগত অক্ষৰৰ ৫৪ ৰান আৰু অধিনায়ক ৱাৰ্নাৰৰ ৫১ ৰানৰ বাহিৰে দিল্লীৰ আন কোনো বেটছমেনে তেনেকৈ ৰেখাপাত কৰিব নোৱাৰিলে।

ফটো সৌজন্য: আইপিএল।

মুম্বাইয়ে দিয়া ১৭৩ ৰানৰ লক্ষ্য আগত ৰাখি মুম্বাইয়ে সুন্দৰ আৰম্ভণি কৰে। অধিনায়ক ৰোহিত  শৰ্মা আৰু ঈশান কিষানে প্ৰথম উইকেটৰ যুটীত ৭১ ৰান কৰে। দ্বিতীয় উইকেটৰ বাবে পুনৰবাৰ তিলক বৰ্মাৰ সৈতে বৃহৎ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে ৰোহিতে। ৪১ ৰাণত আউট হয় তিলক।

মুম্বাইৰ অধিনায়কগৰাকীয়ে ৬৫ ৰান সংগ্ৰহ কৰে। শেহতীয়াকৈ ৰোহিতৰ ফৰ্ম ভাল নাছিল। ২৪খন খেলৰ অন্তত ভাৰতীয় অধিনায়কগৰাকীৰ বেটৰ পৰা আহিল অৰ্ধশতকীয় ইনিংছ।

ফটো সৌজন্য: আইপিএল।

ৰোহিতৰ উইকেটৰ পিছতে মুম্বাই চাপত পৰে। উইকেটৰক্ষক অভিষেক পোডেলে এটা আকৰ্ষণীয় কেচেৰে ৰোহিতক ঘূৰাই পঠিয়ায়। ইয়াৰ পিছতে দিল্লীয়ে মুস্তাফিজুৰ আৰু নখিয়াৰৰ সৈতে খেলখনলৈ উভতি আহে।

ফটো সৌজন্য: আইপিএল।

মুম্বাইয়ে শেষ অভাৰত মাত্ৰ ৫ ৰান কৰিবলৈ গৈয়েই থৰক বৰক পৰিস্থিতিৰ সন্মুখীন হয়। অৱশ্যে, শেষত গ্ৰীণ আৰু টিম ডেভিদে শীতল মস্তিস্কৰে মেচখনত জয় আজুৰি আনে।

এই জয়ৰ ফলস্বৰূপে মুম্বাইয়ে পইণ্ট তালিকাত নাম লিখিলে। ইয়াৰ পূৰ্বে দুয়োখন মেচতে পৰাস্ত হৈছে। আনহাতে, দিল্লী আৰু অধিক কঠিন স্থিতিত। ইয়াৰ লগে লগে প্ৰতিযোগিতাখনৰ চতুৰ্থখন মেচতো পৰাস্ত হ’ল দিল্লী।

ফটো সৌজন্য: আইপিএল।

সংক্ষিপ্ত স্ক’ৰ:

দিল্লী কেপিটেলছঃ ১৭২ (অক্ষৰ ৫৪, ৱাৰ্নাৰ ৫১, চাওলা ৩-২২)

মুম্বাই ইণ্ডিয়ানছঃ ১৭৩-৪ (ৰোহিত শৰ্মা ৬৫, তিলক বাৰ্মা ৪১, মুকেশ ২-৩০)

মুম্বাই ৬ উইকেটত বিজয় সাৱ্যস্ত কৰে।

Related News