NORTHEAST NOW (Assamese)

IPL 2024: পুনৰ সূৰ্যৰ উত্তাপ, বুমৰাহ-কোয়েৎজিৰ বলিং বিক্ৰমেৰে উজলিল মুম্বাই; ৯ ৰানত হৰুৱালে পঞ্জাৱক

April 19, 2024 8:11 am · এন ই নাও নিউজ, গুৱাহাটী

আই পি এল লীগ টেবুলত ৮ আৰু ৯ নম্বৰ স্থানত থকা দলৰ মাজত আছিল যুঁজখন। তেওঁলোকৰ পূৰ্বৰ মেচত দুয়োটা দলে পৰাস্ত হৈছে। মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাব কিংছৰ বাবে খেলখন আছিল পুনৰ জয়ৰ ধাৰালৈ ঘূৰি অহাৰ প্ৰত্যাহ্বান। ফলত শেষলৈকে মেচখনৰ কটকটীয়া যুঁজ চলিছিল।

কিন্তু ঘৰুৱা খেলপথাৰত প্ৰীতি জিন্তাৰ দল পৰাস্ত হয়। মুম্বাইয়ে কষ্ট কৰি মেচখনত ৯ ৰাণত জয়লাভ কৰে। লীগ তালিকাত কোনো ডাঙৰ পৰিৱৰ্তন নহ’লেও প্লে অফৰ যুঁজখনত হাৰ্দিক পাণ্ডিয়াৰ দলে অতিৰিক্ত অক্সিজেন লাভ কৰিলে।

বৃহস্পতিবাৰে পঞ্জাৱৰ অধিনায়ক ছেম কুৰানে টছত জয়লাভ কৰি পঞ্জাৱৰ মুলানপুৰত প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। খেলখনৰ আৰম্ভণিৰে পৰাই পঞ্জাৱৰ বলাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ৰোহিত শৰ্মাই (৩৬)। ঈশান কিষাণ (৮) ক্ষীপ্ৰতাৰে উভতিছিল যদিও ভাৰতীয় অধিনায়কৰ বেট স্তব্ধ নহ’ল। তেওঁৰ প্ৰিয় পুল শ্বটৰ সৌন্দৰ্যও দেখা গৈছিল।

ইমপেক্ট প্লেয়াৰ হিচাপে নামে সূৰ্যকুমাৰ যাদৱ (৭৮)। আৰু পঞ্জাৱৰ বলিং আক্ৰমণ সূৰ্যৰ উত্তাপত পুৰি নিস্তেজ হৈ গ’ল। টী-২০ৰ এক নম্বৰ তাৰকাগৰাকীয়ে খেলপথাৰৰ সকলো দিশতে চিনাকি ছন্দত বল মাৰি পঠিয়ালে। তেওঁলোক দুয়োজন আউট হৈ গ’ল যদিও ৰানৰ গতি হ্ৰাস নহ’ল।

তিলক ভাৰ্মা (৩৪) আৰু টিম ডেভিদে (১৪) বাকী কাম আগুৱাই নিলে। দুয়োৰে ষ্ট্ৰাইক ৰেট প্ৰায় ২০০। পুনৰ ব্যৰ্থ হয় অধিনায়ক হাৰ্দিক পাণ্ডিয়া (১০)। তথাপি ১৯২ ৰান স্ক’ৰব’ৰ্ডত উঠে।

মুল্লানপুৰ ষ্টেডিয়ামত গড় ৰান উঠে প্ৰায় ১৮০ৰ আশেপাশে। ফলত যদিও লক্ষ্য ডাঙৰ আছিল, তথাপিও সেয়া সম্পূৰ্ণ অসম্ভৱ নাছিল। কিন্তু প্ৰীতি জিন্তাৰ দলটোৱে আৰম্ভণিতে আত্মসমৰ্পণ কৰিছিল। আঘাতৰ বাবে খেলা নাছিল শিখৰ ধাৱান। পঞ্জাবে ফৰ্মৰ বাহিৰত থকা জনী বেয়াৰ্ষ্টোক নেখেলালে। ছেম কুৰাণ (৬) আৰু প্ৰভোসিমৰন সিং (০) অ’পেন কৰিবলৈ আহিছিল। কিন্তু বুমৰাহ (২১/৩) আৰু কোয়েৎজিৰ (৩২/৩)ৰ বলিং যুটিৰ সন্মুখত ইজনৰ পিছত সিজন আউট হৈ উভতি গ’ল। গতি আৰু ছুইঙৰ মিশ্ৰণেৰে ১৪ ৰানতে পঞ্জাৱৰ ৪ টা উইকেট দখল কৰে।

তাৰ পৰা উভতি অহাটো পঞ্জাৱ কিংছৰ বাবে কঠিন হৈ পৰিছিল। কিন্তু শশাংক সিঙে (৪১) যুঁজ দি থাকিল। এইবাৰ তেওঁৱেই প্ৰতিখন মেচতে পঞ্জাৱক আত্মবিশ্বাস আনি দিছে। শেষত আশুতোষ শৰ্মাই অকলেই তাণ্ডৱ দেখুৱালে। তেওঁক বৰ্তমানৰ আই পি এলৰ অন্যতম আৱিষ্কাৰ বুলি ক’ব পাৰি।

পঞ্জাৱৰ বেটছমেনগৰাকীয়ে ২৮টা বলত ৬১ ৰানৰ ইনিংছত মুম্বাইৰ পৰা প্ৰায় জয় কাঢ়ি লবলৈ আগবাঢ়িছিল। কিন্তু কোয়েৎজিয়ে ওভতাই পঠিওৱাৰ লগে লগে হাৰ্দিক পাণ্ডিয়াৰ মুখত হাঁহি ফুটিল। শেষত ১৮৩ ৰানত পঞ্জাৱৰ ইনিংছ স্তব্ধ হৈ পৰে। মুম্বাইয়ে ৯ ৰানত জয়লাভ কৰে।

অৱশ্যে হাৰ্দিকৰ অধিনায়কত্বক লৈ প্ৰশ্ন উত্থাপন হ’ব। দলটোত মহম্মদ নবি, টিম ডেভিদৰ দৰে অভিজ্ঞ অল ৰাউণ্ডাৰৰ  আছে। তথাপি তেওঁ ধাৰাবাহিকভাৱে ৰোমাৰিয়া শ্বেফাৰ্ড আৰু মাধৱালক বল কৰাইছিল। দুয়োজনে প্ৰচুৰ ৰান দিলে। হাৰ্দিকে তেওঁ মাৰ খোৱাৰ কথা জানিও ভুল লাইন-লেংথত একেৰাহে ৪ অভাৰ বলিং কৰিলে। দিলে ৩৩ ৰান।

অৱশেষত অভিষেক-শশাংকৰ তাণ্ডৱৰ বাবেই অসহায় অধিনায়কগৰাকীয়ে ১৩ নং অভাৰত বুমৰাহক ঘূৰাই আনিবলৈ বাধ্য হয়। ওঠৰ অভাৰত কোয়েৎজিক আনিবলগীয়া হৈছিল। যদি দুয়োজনে পঞ্জাৱৰ বেটছমেন দুজনক সঠিক সময়ত ঘূৰাই নপঠালেহেঁতেন তেন্তে মুম্বাই খালী হাতেৰে উভতিব লাগিলেহেঁতেন।

সংক্ষিপ্ত স্কোৰঃ

মুম্বাই ইণ্ডিয়ানছঃ ১৯২/৭ (সূৰ্যকুমাৰ ৭৮, ৰোহিত ৩৬, হৰ্ষাল পেটেল ৩১/৩)

পঞ্জাৱ কিংছঃ ১৮৩/১০ (শশাংক ৪১, আশুতোষ ৬১, বুমৰাহ ২১/৩)

৯ ৰানত জয়লাভ কৰে মুম্বাই ইণ্ডিয়ানছে।

Related News