NORTHEAST NOW (Assamese)

হত্যা নে স্বাভাৱিক মৃত্যু! মহানগৰীৰ চান্দমাৰীত পুনৰ মৃতদেহ উদ্ধাৰ

May 28, 2022 10:25 am · কল্পজোতি শইকীয়া, গুৱাহাটী

শেহতীয়া কিছুদিন ধৰি গুৱাহাটী মহানগৰীত নিয়মীয়াকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে আজি পুনৰ মহানগৰীত উদ্ধাৰ হৈছে মৃতদেহ।

এইবাৰ মহানগৰীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ কাষত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ।

চান্দমাৰীৰ মূল পথৰ দাঁতিত পৰি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হৈছে।

লক্ষ্যণীয়ভাৱে মৃতদেহটোৰ কাষতে আৰক্ষীয়ে ড্ৰাগছৰ কন্টেইনাৰ লাভ কৰিছে বুলি জানিব পৰা গৈছে।

মৃহদেহটোৰ পৰিচয় বৰ্তমান পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

ইতিমধ্যে চান্দমাৰী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

অৱশ্যে এয়া হত্যাকাণ্ড নে অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত হোৱা মৃত্যু, বৰ্তমানলৈকে স্পষ্ট হোৱা নাই।

Related News