NORTHEAST NOW (Assamese)

চাৰি দশকৰ পিছত ৰহস্যৰ সমাধান; ৪০ বছৰ পূৰ্বৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ সন্দেহজনক অপৰাধী!

June 11, 2023 9:25 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

অৱশেষত সমাধান হ’ল ৪০ বছৰ পুৰণি ৰহস্যৰ। ৩৩ বছৰীয়া চিন্থিয়া উডৰ হত্যাকাণ্ডৰ সৈতে জড়িত ফ্ল’ৰিডাৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ছান ডিয়েগো কাউন্টি শ্বেৰিফ বিভাগে জনোৱা মতে, ৬৫ বছৰীয়া ড’নাল্ড ছান্টিনিক আমেৰিকাৰ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰে।

১৯৮৪ চনৰ জুন মাহত ফ্ল’ৰিডাৰ ৰিভাৰভিউত পানীৰে ভৰা খাৱৈত উডৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছিল। মৃতদেহটো পোৱাৰ পাঁচ দিন পূৰ্বে শেষবাৰৰ বাবে ঘৰত দেখা গৈছিল চিন্থিয়া উডক। শ্বেৰিফৰ কাৰ্যালয়ৰ মতে, শেষবাৰৰ বাবে উডক ছান্টিনিৰ সৈতে দেখা গৈছিল।

লগতে পঢ়ক: ঔৰংজেবৰ প্ৰশংসা কৰি ভিডিঅ’ পোষ্ট; মহাৰাষ্ট্ৰৰ ১৪ বছৰীয়া কিশোৰৰ বিৰুদ্ধে দাখিল এফ আই আৰ

মৰণোত্তৰ পৰীক্ষাত দেখা যায় যে উডক ডিঙি চেপি হত্যা কৰা হৈছে। উল্লেখিত ঘটনাৰ পিছৰে পৰা দেখা পোৱা নাই ছান্টিনিক। আৰক্ষীৰ মতে তেওঁ হয়তো অজ্ঞাত পৰিচয়েৰে টেক্সাছত আছিল।

হিলছব’ৰ’ কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এবিচি নিউজক দিয়া এক বিবৃতিত কয়, ‘আমি এই গ্ৰেপ্তাৰৰ বিষয়ে অৱগত আৰু ছান্টিনিৰ সাক্ষ্য ল’বলৈ চোৰাংচোৱা প্ৰেৰণ কৰিছো।‘

লগতে পঢ়ক: স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে এই সকল মহিলাই; কৈছে চাণক্য নীতিয়ে

তেওঁলোকে লগতে কয়, ‘১৯৮৪ চনত সংগ্ৰহ কৰা প্ৰমাণ নতুন প্ৰযুক্তিৰে পুনৰ পৰীক্ষা কৰা হ’ব আৰু ৪০ বছৰৰ পাছত গোচৰটো পুনৰ মুকলি কৰা হ’ব।’ শ্বেৰিফৰ কাৰ্যালয়ে লগতে কয়, ‘এই তদন্তৰ সময়ছোৱাত আৰু কোনো সবিশেষ প্ৰকাশ কৰিব পৰা নাযাব।’

Related News