NORTHEAST NOW (Assamese)

দুৰ্গা পূজাত দৰ্শন নাপাব ছাগলী মাংসৰ!

October 10, 2018 9:40 pm · এন ই নাও নিউজ
Updated: October 10, 2018 10:23 pm
প্ৰতিনিধিত্বমূলক ছবি

দুৰ্গা পূজা বুলিলেই মনলৈ আহে জিলাপীৰ সোৱাদ; পৰিয়াল, বন্ধু-বান্ধৱৰ সৈতে সু-স্বাদু এসাঁজ। পিছে পূজাৰ আনন্দ ম্লান কৰি এইবাৰ ছাগলী মাংসৰ সোৱাদৰ পৰা বঞ্চিত হ’ব গুৱাহাটীবাসী।

পৌৰ নিগমৰ “অবৈধ” হস্তক্ষেপৰ প্ৰতিবাদত পূজাৰ মাজতে অহা ১৫ অক্তোবৰৰ পৰা অনিৰ্দিষ্টকাললৈ মাংসৰ দোকানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গ্ৰে’টাৰ গুৱাহাটী কুৰেছি মীট এছছিয়ে’চনে।

গুৱাহাটীৰ নুনমাটিৰ ৩খন ছাগলী মাংসৰ দোকান পৌৰ নিগমে “অবৈধভাৱে’’ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত ব্যৱসায়ীসকলৰ সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

“এই দোকান ৩খন বন্ধ কৰাতো সম্পূৰ্ণ অবৈধ। আৰু গুৱাহাটী পৌৰ নিগমৰ হঠকাৰি সিদ্ধান্তৰ ফল ভুগিব লগা হৈছে দুখীয়া বেপাৰীকেইজনে,” নৰ্থ ইষ্ট নাও-ক বুধবাৰে জনালে সংস্থাটোৰ সম্পাদক মকবুল আহমেদে।

ব্যৱসায়ীৰ অভিযোগ জানিবলৈ পঢ়ক- পৌৰ নিগমৰ কৃপাত বুঢ়ী ছাগলীৰ মাংস খাইছে গুৱাহাটীবাসীয়ে

পৌৰ নিগমে পৰিচ্ছন্নতা বজাই ৰখাৰ স্বাৰ্থত আদালতৰ নিৰ্দেশ অনুসৰি ছাগলী মাংসৰ দোকানত এই অভিযান চলোৱা বুলি দাবী কৰিছে যদিও ব্যৱসায়ীসকলৰ অভিযোগ কিন্তু অন্য।

পাঞ্জাবাৰীৰ অসম পশুধন নিগমৰ চৌহদত থকা কচাইশালত ছাগলী কটাই অনাৰ বাবে সমগ্ৰ গুৱাহাটীৰ মাংস ব্যৱসায়ীক নিৰ্দেশ দিছিল পৌৰ নিগমে।

Related News