ৰেচিপি : কিমান আৰু ভাৰতীয় ষ্টাইলত খাব? এইবাৰ পৰ্তুগীৰ্জ ষ্টাইলত ৰান্ধি খাওক ছাগলীৰ মঙহ

ভাৰতীয় ষ্টাইলত সকলোৱেই ঘৰত ছাগলীত মাংস ৰান্ধি খাই থাকে। সদায় ছাগলীৰ একেটা ৰেচিপিকে খাই খাও আমনি নালাগেনে? নিশ্চয় বেলেগ এটা সোৱাদ বিচাৰি অন্যধৰণৰ এটা ৰেচিপি শিকিবলৈ মন যায় নহয়নে? সেয়ে আপোনাৰ বাবে আমি লৈ আনিছোঁ ছাগলী মাংসৰ এটা বিশেষ ৰেচিপি।
আজি আমি আপোনালোকৰ বাবে লৈ আনিছোঁ ঘৰতে খুব সহজে ৰান্ধিব পৰাকৈ এটা পৰ্তুগীজ ষ্টাইলৰ মাটন ৰেচিপি। যিটো ৰেচিপিৰে মাংস ৰান্ধি খালে আপুনি লাভ কৰিব অনন্য সোৱাদযুক্ত ছাগলীৰ মাংস খোৱাৰ অভিজ্ঞতা। আলহী আহিলে যদি আপুনি এই ৰেচিপিটো তৈয়াৰ কৰি খুৱাই তেন্তে প্ৰশংসাৰে উপছাই পেলাব আপোনাক।
এই ৰেচিপিটোৰ নাম মাটন ভিনদালো (Mutton Vindaloo)।
ৰেচিপিৰ বাবে কি কি উপকৰণ লাগিব?
- ১ কিলোগ্ৰাম ছাগলীৰ মাংস
- ডেৰ চামুচ আদাৰ বতা
- আধা চামুচ হালধী গুড়ি
- ৰুচি অনুসৰি নিমখ
- শুকান জলকীয়া ১০টা
- ১ ইঞ্চি ডালচেনি
- এক চামুচ জিৰা
- দুটামান গোটা নহৰু
- মিঠাতেল
- পিয়াঁজ
- এক চামুচ ভিনেগাৰ
- চেনি
- লং
- গোটা জিৰা
কেনেকৈ ৰান্ধিব?
প্ৰথমে এক কেজি ছাগলীৰ মাংস ভালদৰে ধুই এটা বাচনত ৰাখিব। তাৰ পিছত মেৰিনেটিঙৰ বাবে তেওঁক ডেৰ চামুচ আদাৰ পেষ্ট, আধা চামুচ হালধীৰ গুড়ি, ৰুচি অনুসৰি নিমখ দিব। মাংসখিনি ভালদৰে মেৰিনেট কৰি কমেও আধা ঘণ্টা ৰাখিব লাগে। এতিয়া মাটন ভিণ্ডালু বনাবলৈ প্ৰয়োজনীয় পেষ্ট বনাবলৈ ১০ৰ পৰা ১২ টা শুকান জলকীয়া লাগে।
শুকান জলকীয়া কেইটাৰ বীজ খিনি উলিয়াই লৈ ভালদৰে গুৰি কৰি ল’ব। এতিয়া কেৰাহীত তেল ভালদৰে গৰম কৰি শুকান জলকীয়াখিনি দি আধা চামুচ লং, ১ ইঞ্চি ডালচেনি,১ চামুচ গোটা ৰঙা জলকীয়া,১ চামুচ গোটা জিৰা, দুচামুচ থেতেলিয়াই লোৱা নহৰু দি ভাজিব।
ৰঙাকৈ ভাজি এই মচলাখিনি এটা বাটিত ৰাখি ঠাণ্ডা হ’বলৈ দিব। এতিয়া একেখন কেৰাহীতে আৰু কিছু তেল গৰম কৰি কটা পিঁয়াজখিনি ভালদৰে ভাজিব। পিঁয়াজ ভাজি হ’লে তাত মেৰিনেট কৰা মাংসখিনি দিব।
এতিয়া ভজা শুকান মচলাখিনি মিক্সাৰ গুৰি কৰি লৈ তাত অলপ পানী আৰু দুচামুচ ভিনেগাৰ দিব। এতিয়া এই মিশ্ৰণটো মাংসত দি দিয়ক। গোটেই মিশ্ৰণটো ভালদৰে লৰাই ১৫ মিনিট ঢাকি ৰাখিব যাতে মাংসখিনি ভালকৈ সিজি যায়। ইয়াত আপুনি এতিয়া এচামুচ চেনীদি সিজাই থাকক। মাংস সিজিলে ৰুটি বা ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰক।