চকু কাঢ়ি নিলে, কাটি দিলে যৌনাংগ : পুৰোহিতৰ হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত বিহাৰ

এজন পুৰোহিতক হত্যা কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিহাৰত। ৰাজ্যখনত নৃসংশভাবে হত্যা কৰা হৈছে এজন হিন্দু পুৰোহিতক।
খবৰ অনুসৰি ৬ দিন ধৰি সন্ধানহীন হৈ আছিল পুৰোহিতগৰাকী। অৱশেষত যোৱা ১৬ ডিচেম্বৰত আৰক্ষীয়ে উদ্ধাৰ কৰে তেখেতৰ মৃতদেহ। মূৰত আছিল গুলীৰ আঘাত। চকু কাঢ়ি নিয়া হৈছিল পুৰোহিতগৰাকীৰ শৰীৰ পৰা। লগতে হত্যাৰ সময়ত তেখেতৰ যৌনাংগও কাটি পেলোৱা হৈছিল।
মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত ব্যাপক অশান্তিৰ সৃষ্টি হয়। স্থানীয় লোকে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ফলত দুজন আৰক্ষী বিষয়া সামান্যভাৱে আহত হয়।
আৰক্ষীয়ে জনোৱা মতে, নিহত লোকজনৰ নাম মনোজ কুমাৰ শ্বাহ । তেওঁ গোপালগঞ্জ জিলাৰ দনাপুৰ গাঁৱৰ এটা শিৱ মন্দিৰত পুৰোহিত হিচাপে কাম কৰিছিল মনোজ কুমাৰ শ্বাহে।
জানিব পৰা মতে, মনোজ কুমাৰ শ্বাহৰ ভাতৃ অশোক কুমাৰ শ্বাহ বিজেপিৰ প্ৰাক্তন সংমণ্ডল সভাপতি। আৰক্ষীৰ মতে, যোৱা দেওবাৰে মনোজ কুমাৰ শিৱ মন্দিৰলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছিল। তেতিয়াৰ পৰাই তেওঁ সন্ধানহীন হৈ আছিল।
শনিবাৰে বিয়লি আৰক্ষীয়ে দনাপুৰ গাঁৱৰ উপকণ্ঠ অঞ্চলৰ এটা গছৰ জোপোহাৰ পৰা তেওঁৰ অংগচ্ছেদ্দিত মৃতদেহ উদ্ধাৰ কৰে। পুৰোহিতৰ মৃতদেহ উদ্ধাৰৰ খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে ব্যাপক ক্ষোভৰ সৃষ্টি হয়। স্থানীয় ৰাইজে আৰক্ষীৰ তদন্তত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।
ইয়াৰ পিছতে স্থানীয় ৰাইজৰ মাজত আৰক্ষী জোৱানৰ সৈতে সংঘৰ্ষ হয়। গাঁওবাসীয়ে আৰক্ষীক শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। শিলগুটি নিক্ষেপত দুজন আৰক্ষী বিষয়া সামান্যভাৱে আহত হয়। ঘাইপথত থিয় হৈ থকা এখন আৰক্ষীৰ বাহনতো জুই লগাই দিয়া হয়। ইয়াৰ পিছত পইণ্ট ব্লেংক ৰেঞ্জত অবিৰতভাৱে গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিলে আৰক্ষীয়ে। পিছত গোপালগঞ্জ সদৰৰ মহকুমা আৰক্ষী বিষয়া প্ৰাঞ্জলে ঘটনাস্থলীত গৈ ক্ষুব্ধ গাঁওবাসীক শান্ত কৰে।