NORTHEAST NOW (Assamese)

অগ্নিগৰ্ভ ম্যানমাৰ! সেনাৰ হাতত নিহত ৭০০ গণতন্ত্ৰকামী নাগৰিক

April 12, 2021 8:42 am · এন ই নাও নিউজ
উত্তপ্ত ম্যানমাৰ। ফাইল ফটো।

ম্যানমাৰৰ পৰিস্থিতি বৰ্তমান অগ্নিগৰ্ভ হৈ পৰিছে। দেশখনৰ সামগ্ৰিক পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে এতিয়া দেশখনৰ নাগৰিকসকলে প্ৰতিনিয়ত সন্ত্ৰাসৰ মাজত দিন নিয়াইছে।

ম্যানমাৰত সেনাৰ অভ্যুত্থানৰ পাছত গণতন্ত্ৰকামী নাগৰিকৰ প্ৰতিবাদত গুলী চলাই তথা বিভিন্ন স্থানত অভিযান চলাই সাতশৰো অধিক লোকক হত্যা কৰা হৈছে।

যোৱা শুকুৰবাৰ আৰু শনিবাৰে দেশখনৰ বিভিন্ন স্থানত সেনাৰ অবিযানত ৮২জন লোক নিহত হৈছে।

বাতৰি অনুসৰি, ইমান সংখ্যক লোকক গুলীয়াই নিহত কৰাৰ উপৰি এতিয়ালৈকে ৩হাজাৰ ১২জন লোকক কাৰাবন্দী কৰি ৰখা হৈছে।

তদুপৰি, ৬৫৬জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। এইসকলৰ ভিতৰত আছে দেশখনৰ ৰাজনীতিক, চেলিব্ৰেটি তথা সাধাৰণ নাগৰিক।

উল্লেখযোগ্য যে যোৱা নৱেম্বৰত অনুষ্ঠিত দেশখনৰ নিৰ্বাচনত প্ৰৱঞ্চনাৰ অভিযোগ তুলি ম্যানমাৰৰ সেনা বাহিনীয়ে যোৱা ১ ফেব্ৰুৱাৰীত ক্ষমতা দখল কৰে।

সেনাই দেশখনৰ ৰাষ্ট্ৰপতি উইন্ট মিন্ট তথা তদানীত্বন শাসকীয় দলৰ এন এল ডিৰ নেত্ৰী আং ছান ছ্যু কীকে ধৰি শীৰ্ষ ৰাজনৈতিক নেতাসকলক গ্ৰেপ্তাৰ কৰে।

Related News