NORTHEAST NOW (Assamese)

নৱবৰ্ষৰ উপহাৰ, ২৩ হাজাৰ বন্দীক মুক্তি দিলে ম্যানমাৰৰ সামৰিক শাসকে

April 18, 2021 9:37 am · এন ই নাও নিউজ

গণতান্ত্ৰিক ব্যৱস্থাক ওফৰাই পেলাই ক্ষমতা হস্তগত কৰা ম্যানমাৰৰ সামৰিক জুণ্টাই শেহতীয়াকৈ দেশ খনৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২৩ হাজাৰ বন্দীক মুকলি কৰি দিছে।

সংবাদ প্ৰতিষ্ঠান এএফপিৰ বাতৰিত প্ৰকাশ যে বৌদ্ধ নৱবৰ্ষ উপলক্ষ্যে জুণ্টা প্রশাসনে বন্দী সকলক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত জুণ্টাই ম্যানমাৰৰ শাসনৰ বাঘজৰী হস্তগত কৰাৰ পিছৰে পৰা দেশ খনত সামৰিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে।

সেনাৰ গুলীত এতিয়ালৈকে ম্যানমাৰত ৭০০ ৰো অধিক প্ৰতিবাদকাৰী নিহত হৈছে।

শেহতীয়াকৈ বৌদ্ধ নৱবৰ্ষ উপলক্ষ্যে য়াংগনৰ ইনছেইন কাৰাগাৰৰ পৰা ৮০০ বন্দীক মুক্তি দিয়া হৈছে।

ইপিনে একাংশ লোকে অভিযোগ কৰা অনুসৰি সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোক সকলক কাৰাবন্দী কৰি ৰখাৰ বাবেই জুণ্টাই কাৰাগাৰত পূৰ্বৰে পৰা থকা বহু বন্দীক মুক্তি দি কাৰাগাৰত ঠাই উলিয়াই লৈছে।

জুণ্টাই ইতিমধ্যে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক বন্দী কৰিছে। বহু প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সামৰিক শাসকে মৃত্যুৰ পৰোৱানা পৰ্যন্ত জাৰি কৰিছে।

বহু মডেল, অভিনেত্ৰী আদিকো গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে জুণ্টাই।

Related News