NORTHEAST NOW (Assamese)
অসম

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2023 1:33 pm
ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰে দেশখনৰ ৩৭ খন চহৰত সামৰিক আইন জাৰি কৰিছে। ইয়াৰ ভিতৰত আছে বিদ্ৰোহীৰ দুৰ্গ বুলি পৰিচিত চেগেইন আৰু মোগৱে অঞ্চল।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ম্যানমাৰে জৰুৰীকালীন অৱস্থাৰ ম্যাদ নতুনকৈ ছয় মাহৰ বাবে বৃদ্ধিৰ ঘোষণা কৰাৰ ঠিক এদিন পিছতে ৩৭ খন চহৰত সামৰিক আইনৰ ঘোষণা কৰা হৈছে।

সামৰিক জুন্টা বাহিনীয়ে ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰত ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰা দেশখনত কেইবাবাৰো জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

জুন্টা চৰকাৰে জাৰি কৰা এক জাননী অনুসৰি, উক্ত ৩৭ খন চহৰ এতিয়া স্থানীয় কমাণ্ডাৰৰ আদেশৰ অধীনত পোনপটীয়াকৈ পৰিচালনা কৰা হ’ব।

এতিয়াৰ পৰা জুন্টাবাহিনীৰ আদালতে এই অঞ্চলবোৰত গুৰুত্বপূৰ্ণ গোচৰৰ বিচাৰ চলাবলৈ সক্ষম হ’ব। যদি প্ৰয়োজন হয়, মৃত্যুদণ্ড আৰু আজীৱন কাৰাদণ্ডৰ দৰে শাস্তিও দিব পাৰে। সেই গোচৰবোৰত কোনো আবেদন কৰাৰ কোনো সুযোগ নাথাকিব।