NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 4, 2026 1:44 pm
জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

অত্যাচাৰী জুন্টা চৰকাৰৰ পৰা ম্যানমাৰৰ জনসাধাৰণক ৰক্ষা কৰিবলৈ তেওঁৰ সংগ্ৰাম অবিস্মৰণীয়। সেই সংগ্ৰামৰ বাবেই তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। কিন্তু পিছলৈ একাধিক কাৰণত ম্যানমাৰত তেওঁৰ চৰকাৰ ক্ষমতাৰ পৰা উৎখাত হ’বলগীয়া হয়। কাৰাগাৰত বন্দী হয় নেত্ৰী তথা সমাজ কৰ্মী আং ছান ছু কি।

তাৰ পিছৰে পৰা তেওঁক দেখা পোৱা যোৱা নাছিল। আনকি ৮১ বছৰীয়া বন্দী ছ্যু কি জীয়াই আছে নে নাই তাক লৈও আন্তৰ্জাতিক মহলত চৰম উদ্বেগ প্ৰকাশ পাইছিল। সেই উদ্বেগ সোমবাৰে নিৰসন হ’ল। দীৰ্ঘ ৫ বছৰৰ পিছত ৰাজহুৱাভাৱে সন্মুখলৈ আহিল ছু কি। ভাইৰেল ফটো এখনত দেখা গৈছে যে ৰেড ক্ৰছ ছ’চাইটিৰ এজন প্ৰতিনিধিয়ে ছ্যু কিক সাক্ষাৎ কৰিছে। সেইটোৱে নেত্ৰীগৰাকীৰ অস্তিত্ব স্পষ্ট কৰিছে।

ছ্যু কিৰ অদম্য সংগ্ৰামৰ ফলত ম্যানমাৰৰ দীৰ্ঘদিনীয়া সামৰিক শাসনৰ পতন ঘটিছিল। ৰাষ্ট্ৰখনত গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা হৈছিল। আং ছান ছু কি প্ৰশাসনৰ মুৰব্বী হয়। কিন্তু অতি কম সময়ৰ ভিতৰতে তেওঁৰ প্ৰশাসনৰ বিৰুদ্ধে দুৰ্নীতিৰ ধাৰাবাহিক অভিযোগ উত্থাপন হয়। সেনাবাহিনী পুনৰ মূৰ দাঙি উঠে আৰু ছু কিৰ চৰকাৰৰ পতন ঘটে।

নোবেল বঁটা বিজয়ীগৰাকীক ২০২১ চনত সেনাই বন্দী কৰে। তাৰ পিছৰে পৰা ম্যানমাৰো গৃহযুদ্ধত ৰক্তাক্ত হৈ পৰে। জনগোষ্ঠীসকলৰ নিজৰ মাজতে হোৱা সংঘৰ্ষত বহু লোকৰ মৃত্যু হৈছে, আৰু তাতোকৈ অধিক লোকে দেশ এৰি পলায়ন কৰিবলগীয়া হৈছে।

কাৰাগাৰত থকাৰ পিছৰে পৰা ছু কিৰ সন্ধান পোৱা হোৱা নাছিল। তেওঁৰ অনুৰাগীসকলকে ধৰি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাসমূহৰ উদ্বেগ বাঢ়ি আহিছিল। ম্যানমাৰৰ আভ্যন্তৰীণ পৰিস্থিতিৰ বাবে কাৰাগাৰত মৃত্যু বা হত্যা হ’ব পাৰে বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত সোমবাৰে (৩ আগষ্ট) ছ্যু কিৰ এখন ফটো পোহৰলৈ আহে। ফটোখনত ম্যানমাৰৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি তেওঁক হাঁহি থকা দেখা গৈছে। আৰু অধিক শীৰ্ণ হৈ পৰিছে ৮১ বছৰীয়া নেতাগৰাকী। ফটোখনত তেওঁৰ সৈতে দেখা গৈছে আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছৰ এজন প্ৰতিনিধিক।

ফটোখন ক’ত তোলা হৈছে সেয়া জানিব পৰা হোৱা নাই। কিন্তু কাঠৰ বেৰ আৰু মজিয়াৰ পৰা চাই কোনো ভৱনত এই সাক্ষাৎ হৈছিল বুলি অনুমান হয়। ৰেড ক্ৰছ ছ’চাইটিয়ে ছু কিকলৈ উদ্বেগৰ অৱসান ঘটালে। তেওঁলোকে এক বিবৃতি জাৰি কৰি কয় যে, “সোমবাৰে ম্যানমাৰত কৰ্তব্যৰত আমাৰ এজন প্ৰতিনিধিয়ে নেত্ৰী ছু কিক সাক্ষাৎ কৰে। তেওঁ নিৰাপদে আছে।” ৫ বছৰৰ পিছত তেওঁৰ ছবিখন দেখাৰ পিছত অনুৰাগীসকলেও স্বস্তিৰ নিশ্বাস পেলাইছে।