NORTHEAST NOW (Assamese)

নাগালেণ্ডত নতুনকৈ ১৫ গৰাকী লোক কোভিড প’জিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৫২২৯ গৰাকীলৈ বৃদ্ধি

September 15, 2020 8:08 pm · এন ই নাও নিউজ

নাগালেণ্ডত নতুনকৈ ১৫ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত মুঠ লোকৰ সংখ্যা ৫২২৯ গৰাকীলৈ বৃদ্ধি পাইছে।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগানু ফোমে টুইটাৰ যোগে এই কথা উল্লেখ কৰি মঙলবাৰে সম্পন্ন কৰা মুঠ ৩০৪ টা ক’ৰ’নাৰ পৰীক্ষাৰ ভিতৰত ১৫ গৰাকী প’জিটিভ হোৱা বুলি কয়।

‘‘আপডেট! ৩০৪ টা ক’ৰ’নাৰ পৰীক্ষাৰ ভিতৰত ১৫ গৰাকী কোভিড-১৯ প’জিটিভ,’’ স্বাস্থ্য মন্ত্ৰী ফোমে টুইটাৰযোগে প্ৰকাশ কৰে।

নাগালেণ্ডত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ১৫ গৰাকী লোকৰ ভিতৰত ৮ গৰাকী ডিমাপুৰ জিলাৰ, ৪ গৰাকী কহিমা আৰু এগৰাকীকৈ ক্ৰমে ম’ক’কচুং আৰু টুৱেনচাং আৰু মুন জিলাৰ।

আনহাতে, স্বাস্থ্য মন্ত্ৰী ফোমে ৰাজ্যখনত মঙলবাৰে ২৭ গৰাকী ক’ৰ’না আক্ৰান্ত লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে বুলিও জানিবলৈ দিয়ে।

Related News