NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত পুনৰ ১৮ গৰাকী লোকৰ শৰীৰত কোভিড-১৯, মুঠ আক্ৰান্তৰ সংখ্যা ৮৯৬ লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 6:42 pm
COVID19-positive-750x375-1

নাগালেণ্ডত নতুনকৈ ১৮ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৮৯৬ গৰাকীলৈ বৃদ্ধি পালে।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগনু ফোমে নাগালেণ্ডত নতুনকৈ ক’ৰ’না আক্ৰান্ত লোক কেইগৰাকীৰ বিষয়ে টুইটাৰত সদৰী কৰে।

”পুনৰ ১৮ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে আৰু ক’ৰ’না আক্ৰান্ত এইসকল লোক নাগালেণ্ডৰ পাৰেন জিলাৰ,” স্বাস্থ্য মন্ত্ৰী ফোমে টুইটাৰত প্ৰকাশ কৰে।

নাগালেণ্ডত মঙলবাৰৰ দিনটোতে ৫১ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

আজি ৰাতিপুৱাৰ ভাগত ৩৩ গৰাকী লোকক ক’ৰ’না প’জিটিভ পোৱা গৈছিল।

ক’ৰ’না আক্ৰান্ত সকলক নাগালেণ্ডৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।

নাগালেণ্ডত বৰ্তমানলৈ মুঠ ৫৫৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

আনহাতে, নাগালেণ্ডত এতিয়ালৈ মুঠ ৩৪০ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি গৈছে।