NORTHEAST NOW (Assamese)

২৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব নন্দেশ্বৰ তালুকদাৰ জন্ম-শতবৰ্ষ অনুষ্ঠান, উপস্থিত থাকিব সীতাৰাম য়েচুৰী

December 23, 2021 6:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 23, 2021 6:45 pm

অহা ইংৰাজী ২৬ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত কেন্দ্ৰীয়ভাৱে বিশিষ্ট স্বাধীনতা সংগ্ৰামী, অসমৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম মহীৰূহ প্ৰয়াত নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

এই অনুষ্ঠানত চি পি আই (এম) ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী উপস্থিত থাকিব। ‘ভাৰতৰ স্বাধীনতা সংগ্ৰামত কমিউনিষ্টসকলৰ ভূমিকা আৰু বৰ্তমান সময়’ শীৰ্ষক বিষয়ৰ ওপৰত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰিব।

অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী হীৰেন গোহাঁই, প্ৰথিতযশা সাহিত্যিক নিৰুপমা বৰগোহাঞি, স্বনামধন্য শিল্পী সুদক্ষিণা শৰ্মা, বিশিষ্ট কমিউনিষ্ট নেতা তথা সুলেখক অৱনী বৰঠাকুৰ প্ৰমুখ্যে ব্যক্তি সকলে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

অনুষ্ঠানটিৰ উদ্যোক্তাসকলে এই অনুষ্ঠানত ৰাইজক উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে।

Related News