NORTHEAST NOW (Assamese)

ফেইচবুকত বিশ্বৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় নৰেন্দ্ৰ মোদী; অভাৱনীয় হাৰত বৃদ্ধি অনুগামী

April 24, 2020 8:16 am · এন ই নাও নিউজ
প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী। ফাইল ফটো

ক’ৰ’না ভাইৰাছ অৰ্থাৎ কোভিদ-১৯ ৰ সংহাৰৰ মাজতে জনপ্ৰিয় সামাজিক মাধ্যম ফেইচবুকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

বিভিন্ন প্ৰান্তৰ অনুগামীয়ে মোদীক ফল’ কৰাত তেওঁ এতিয়া ফেইচবুকত বিশ্বৰ ভিতৰত সৰ্বাধিক ফল’ৱাৰ্ছ থকা ব্যক্তি।

বি চি ডব্লিউ নামৰ সংস্থা এটাই ‍‘ৱৰ্ল্ড লিডাৰ্ছ অন ফেইচবুক’ নামৰ এটা নতুন তথ্যত এই কথা প্ৰকাশ কৰিছে।

ৰিপ‍’ৰ্টৰ মতে ২০২০ৰ ২৩ মাৰ্চৰ পৰা বিশ্বৰ বিভিন্ন আগশাৰীৰ নেতা সমূহৰ ফল’ৱাৰ্ছ ব্যাপক হাৰত বৃদ্ধি পাইছে। ক’ৰ’না ভাইৰাছৰ তথ্য সমূহ জানিবৰ বাবেই এইদৰে লোকসমূহে নিজৰ নিজৰ পচন্দৰ নেতা সমূহক ফেইচবুকত ফল’ কৰা বুলি তথ্যত প্ৰকাশ পায়।

এই সময়ছোৱাত বিশ্বৰ ভিতৰতে সৰ্বাধিক নৰেন্দ্ৰ মোদীক ফল’ কৰিছে। ইয়াৰ ফলত ফেইচবুকত সৰ্বাধিক লোকে ফল’ কৰা ব্যক্তি হিচাপে পৰিগণিত হয় মোদী।

এই তথ্য প্ৰকাশ কৰাৰ বাবে এজেন্সিটোৱে মাৰ্চ মাহত প্ৰায় বিশ্বৰ বিভিন্ন নেতাৰ প্ৰায় ৭২১ টা ফেইচবুক পেজ অধ্যয়ন কৰিবলগীয়া হয়।

অধ্যয়নটোৰ মতে ক’ৰ’না ভাইৰাছাৰ সংকটৰ সময়ত ইটালী আৰু অষ্ট্ৰিয়াৰ প্ৰধান মন্ত্ৰী আৰু এষ্টোনিয়া আৰু ইটালী চৰকাৰৰ ফেইচবুক পেজত লাইকছ আৰু ফল’ৱাৰ্ছৰ সংখ্যা দুগুণে বৃদ্ধি পাইছে।

আনহাতে মোদীৰ এই সময়ত ফেইচবুকত লাইকৰ সংখ্যা হ’ল ৪৪.৭ মিলিয়ন অৰ্থাৎ ৪.৪৭ কোটি। তদুপৰি অফিচিয়েল প্ৰধান মন্ত্ৰী পেজত লাইকৰ সংখ্যা হৈছে ১৩.৭ মিলিয়ন অৰ্থাৎ ১.৩৭ কোটি।

ফেইচবুকত ৪.৪৭ কোটি লাইক থকা মোদীয়ে বিশ্বৰ জনপ্ৰিয় নেতা। ২.৬ কোটি লাইকছেৰে দ্বিতীয় স্থানত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

Related News