নৰেন্দ্ৰ মোডীক মৃত্যুৰ ভাবুকি : অত্মঘাতী বোমাৰে উৰুৱাই দিব মোডীক!

অহা সোমবাৰে কেৰালা ভ্ৰমণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোডীৰ এই দুদিনীয়া ভ্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে এখন ভয়ানক পত্ৰ। পত্ৰৰ যোগেদি আত্মঘাতী বোমাৰে আক্ৰমণ কৰি নৰেন্দ্ৰ মোডীক হত্যা কৰাৰ ভাবুকি দিছে আল কাইদাই।
ইতিমধ্যে ভাৰতৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই আল কায়দাই প্ৰেৰণ কৰা এই পত্ৰৰ তদন্ত আৰম্ভ কৰিছে। মালয়ালম ভাষাত লিখা এই পত্ৰখন যোৱা সপ্তাহত বিজেপিৰ কেৰালা ৰাজ্যিক সভাপতি সুৰেন্দ্ৰনৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে।
এই চিঠিখন কোচিৰ পৰা ডাকযোগে এন কে জনী নামৰ বক্তিৰ পৰা প্ৰেৰণ কৰা হৈছিল বুলি জানি পৰা গৈছে। চিঠি খনত কোৱা হৈছে যে নৰেন্দ্ৰ মোদীৰো ভাগ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দৰেই হ’ব। ।
অৱশ্যে এন কে জনীয়ে এই পত্ৰখন আৰক্ষীলৈ প্ৰেৰণ কৰা বুলি অস্বীকাৰ কৰে। তেওঁৰ মতে এই পত্ৰ তেওঁ প্ৰেৰণ কৰা নাছিল। আন কোনোবাই হয়তো তেওঁৰ নাম ব্যৱহাৰ কৰি পঠিয়াইছে। জেনীয়ে দাবী কৰিছে যে তেওঁৰ প্ৰতি ক্ষোভ থকা কোনোবাই হয়তো এই কামটো কৰিছে।
ইফালে কেৰালাত বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনে আৰক্ষীক সমালোচনা কৰিছে। তেওঁ কয় যে কেৰালা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভিভিআইপি নিৰাপত্তা পৰিকল্পনা ফাদিল কৰা হৈছিল। এই ৰাজ্যত ধৰ্মীয় উগ্ৰপন্থী সংগঠন অতি শক্তিশালী আৰু সক্ৰিয়। এনে পৰিস্থিতিত চৰকাৰৰ মুৰব্বীৰ নিৰাপত্তাৰ প্ৰতিবেদন সংবাদ মাধ্যমৰ আগত ফাদিল কৰাটো গ্ৰহণযোগ্য নহয়।