NORTHEAST NOW (Assamese)

সূৰ্যত উঠিছে ধুমুহা, পৃথিৱীৰ পিনে বিচ্ছুৰিত হৈছে জুইৰ আঙনি! সতৰ্কবাণী নাছাৰ

April 20, 2023 7:24 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

দুপৰীয়া ৰ’দৰ তাপত বাহিৰত ওলাব নোৱাৰি। অসমতো তীব্ৰ দহনে সকলোৰে দেহ-মন কাবু কৰি পেলাইছে। ইয়াৰ মাজতে নাছাৰ পৰা শুনা গৈছে উদ্বেগৰ খবৰ। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৱে জাৰি কৰিছে সৌৰ ধুমুহাৰ সতৰ্কবাণী।

বুধবাৰৰ পৰাই জাৰি কৰা হৈছে নতুন ধুমুহাৰ সতৰ্কবাণী। বৃহস্পতিবাৰলৈকে পৃথিৱীত ইয়াৰ প্ৰভাৱ দেখা যাব বুলি বিজ্ঞানীসকলে জানিবলৈ দিছিল। সৌৰ ধুমুহাৰ ফলত গৰম তাপৰ কিছু পৃথিৱীৰ উপৰিভাগলৈ আহিব। ফলত ক্ষতিৰ আশংকা আছে।

লগতে পঢ়ক: বান্দৰ আমদানি কৰি কি কৰিব চীনে? শ্ৰীলংকাৰ পৰা ১ লাখ বিপন্ন প্ৰজাতিৰ বান্দৰ ক্ৰয় ব্যক্তিগত সংস্থাৰ!

এসপ্তাহৰ আগতেই সৌৰ ধুমুহাৰ সাক্ষী হৈছিল সৌৰজগত। তাৰ ৰেশো আহি লাগিছিল পৃথিৱীৰ বুকুত। সৌৰ ধুমুহাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল ভাৰত মহাসাগৰ। বেতাঁৰ সংযোগো কিছু সময়ৰ বাবে হেৰাই গৈছিল। কিন্তু এইবাৰৰ সৌৰ ধুমুহা ডাঙৰ আৰু প্ৰভাৱশালী বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে।

এই ধুমুহাৰ ফলত সূৰ্য্যৰ ঠিক কি হ’ব পাৰে? নাছাৰ বিজ্ঞানীসকলৰ মতে সৌৰ ধুমুহাৰ ফলত পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত ফাট মেলিব পাৰে। জিপিএছ, বেতাঁৰ যোগাযোগ ইয়াৰ প্ৰভাৱৰ বাবে সাময়িকভাৱে হেৰাই যাব পাৰে। আনকি, সৌৰ ধুমুহাই ইণ্টাৰনেট সংযোগ আৰু মোবাইল নেটৱৰ্কতো প্ৰভাৱ পেলাব পাৰে। কোনো কোনো ঠাইত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ ঘটনাও বিৰল নহয়।

লগতে পঢ়ক: বৰফ গলিল! ভাৰত ভ্ৰমণলৈ আহি আছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো

সৌৰ ধুমুহাত সূৰ্য্যৰ কেন্দ্ৰৰ পৰা প্লাজমা আৰু চুম্বকীয় তৰংগৰ বৃহৎ বিস্ফোৰণ হয়। ফলত কোটি কোটি সৌৰ কণা ইফালে সিফালে সিঁচৰতি হ’ব পাৰে। স্বাভাৱিকতে, সৌৰজগতত ইয়াৰ প্ৰভাৱ পৰাটো নিশ্চিত।

Related News