NORTHEAST NOW (Assamese)

প্ৰতীক্ষাৰ অন্ত! মঙল গ্ৰহৰ পৃষ্ঠত নাছাই উৰুৱালে হেলিকপ্টাৰ

April 19, 2021 6:34 pm · এন ই নাও নিউজ

সোমবাৰে নাছাই দুই মটৰ বিশিষ্ট সৌৰচালিত হেলিকপ্টাৰ’ইনজেনুইটি’ মঙল গ্ৰহৰ পৃষ্ঠত উৰুৱালে। নাছাই ‘ৰাইট ব্ৰাডাৰ্ছ’ৰ ‘কিটি হ’ক’ উৰণৰ স্মৃতি পুনৰ ঘুৰাই আনিলে।

যোৱা শনিবাৰেই নাছাই ১৯ এপ্ৰিল সোমবাৰে ইনজেনুইটি মঙল পৃষ্ঠত উৰুওৱাৰ কথা জনাইছিল। ইয়াৰ কিছু সময়ৰ পাছৰে পৰাই পৃথিৱীলৈ তথ্য অহা আৰম্ভ হ’ব।

ভাৰতীয় সময় অনুসৰি, বিয়লি ৩বাজি ৪৫বজাত উৰণ আৰম্ভ হয়। ইয়াৰে প্ৰায় চাৰে তিনি ঘন্টা পাছত এই বিশেষ যানখনে ছবি প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে।

ইনজেনুইটিৰ অপাৰেশ্যন লীডাৰ টীম কেনহামে পূৰ্বেই হেলিকপ্টাৰখনৰ অৱস্থা ভাল বুলি জনাইছিল। যোৱা নিশা তেওঁলোকে 50 RPM স্পীন কৰিছিল। হেলিকপ্টাৰখনৰ ব্লেডসমূহে কিমান বতাহ কাটিব পাৰে সেয়া লাহে লাহে সতৰ্কতাৰে পৰীক্ষা কৰি চোৱা হৈছিল। দেওবাৰে ইয়াৰ ট্ৰায়েলো হৈছিল।

নাছাই কেইদিনমান পূৰ্বে হেলিকপ্টাৰ ইনজেনুইটিৰ ছবি প্ৰকাশ কৰিছিল। অৱশ্যে, হেলিকপ্টাৰখন মঙলত কেনেদৰে নিশা কটায় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

পৃথিৱী পৃষ্ঠতকৈ মঙলৰ পৃষ্ঠাত নিয়ন্ত্ৰিত ধৰণে উৰি যোৱাটো পৃথিৱীৰ উৰণতকৈ বহু কঠিন।ইয়াত পৃথিৱীৰ তুলনাত মাধ্যাকৰ্ষণ প্ৰায় এক তৃতীয়াংশ। তদুপৰি, ইয়াৰ বায়ুমণ্ডল পৃথিৱীৰ বায়ুমণ্ডলৰ মাত্ৰ ১ শতাংশহে।

আনহাতে, পৃথিৱীত দিনৰ ভাগত যিমান শক্তি আহে মঙলত তাৰ প্ৰায় আধা পৰিমানৰ সৌৰশক্তি প্ৰাপ্ত হয়। নিশা ইয়াৰ তাপমাত্ৰা মাইনাছ ১৩০ ডিগ্ৰী ফাৰেনহাইট বা মাআইনাছ ৯০ ডিগ্ৰী ছেলছিয়াছ থাকে।

Related News