NORTHEAST NOW (Assamese)

আশ্ৰমৰ ভিতৰত ভয়ংকৰ ঘটনা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ দলবদ্ধ ধৰ্ষণ, যোগী ৰাজ্যত আলোড়নৰ সৃষ্টি

June 1, 2025 5:54 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: June 1, 2025 4:59 pm

উত্তৰ প্ৰদেশৰ কানপুৰত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। যোৱা জানুৱাৰী মাহত কানপুৰৰ থানাৰ ঠিক কাষতে অৱস্থিত এখন আশ্ৰমত দলবদ্ধ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে খেলুৱৈগৰাকীয়ে। এই ঘটনাৰ চাৰি মাহৰ পাছত শেহতীয়াকৈ খেলুৱৈগৰাকীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰে।

অভিযোগ দাখিল কৰাৰ পাছত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ ক্লিপ পৰীক্ষা কৰা হৈছে।

খেলুৱৈগৰাকীৰ অভিযোগ অনুসৰি তেওঁ পুৰণি কাপোৰ বিক্ৰী কৰিবলৈ দোকানৰ ঠাই বিচাৰি সেই ঠাইলৈ আহিছিল। সেই সময়ত গোবিন্দ মাহতো নামৰ এজন ব্যক্তিয়ে সহায়ৰ প্ৰতিশ্ৰুতি দি তেওঁক আশ্ৰমলৈ লৈ গৈছিল। তাতেই তেওঁক কিছুমান প্ৰভাৱশালী ব্যক্তিৰ লগত চিনাকি কৰাই দিব বুলি কৈছিল।

খেলুৱৈগৰাকীয়ে দাবী কৰে যে আশ্ৰমত তেওঁক লাড়ু খুৱাইছিল, তাৰ পিছত তেওঁৰ চেতনা হেৰুৱাইছিল। ইয়াৰ পিছতে গোবিন্দ মাহতো, আশ্ৰমৰ মহাৰাজ আৰু কেইজনমান ব্যক্তিয়ে তেওঁক ধৰ্ষণ কৰে।

অভিযোগত চাৰিজন লোকৰ নাম উল্লেখ কৰা হৈছে। ইয়াৰে দুজন মন্দিৰৰ পুৰোহিত বুলিও অভিযোগ উত্থাপন হৈছে। অভিযুক্তৰ ৰাজনৈতিক প্ৰভাৱ আৰু অভিযুক্তৰ প্ৰতিশোধৰ আশংকাত চাৰিমাহে তেওঁ কোনো অভিযোগ দাখিল কৰা নাছিল।

ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ মহিলা খেলুৱৈগৰাকীয়ে আৰক্ষীক প্ৰমাণ হিচাপে এটা জমা দিছে। ভিডিঅ’টোত দেখা গৈছে যে আশ্ৰম চৌহদত এগৰাকী বৃদ্ধই তেওঁক যৌন নিৰ্যাতন চলাইছে।

অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত মহেশ কুমাৰে কয় যে, “মহিলাগৰাকীয়ে পোনপটীয়াকৈ ডিচিপিৰ ওচৰত এজাহাৰ দাখিল কৰিছিল, যিটো অভিযোগ মোৰ হাতত তদন্তৰ বাবে গতাই দিয়া হৈছে। ভিডিঅ’ ক্লিপটো পৰীক্ষা কৰা হৈছে আৰু আমি আশ্ৰমৰ সংশ্লিষ্ট কোঠাটোও পৰীক্ষা কৰিছো।”

ঘটনাৰ সময়ত অভিযুক্ত পুৰোহিতসকল কুম্ভ মেলাৰ বাবে প্ৰয়াগৰাজত আছিল বুলি দাবী কৰে। লগতে কোৱা হৈছে যে তেওঁলোকে প্রমাণ হিচাপে ফটো আৰু ভিডিঅ’ জমা দিছে৷ অৱশ্যে অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে আশ্বাস দিছে।

Related News